Assamese২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবীএটা দিন অৰ্থাত ২৪ ঘন্টা। এই কথা আমি সকলোৱে জানো। কিন্তু আমি আজি আপোনালোকক কম যে এদিনত ২৪ ঘন্টা নহয়, ২৫ ঘন্টা সময় থাকিব! এই দাবী কৰিছে বিজ্ঞানীসকলে। আপোনালোকে বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য।Mrinmoy Talukdar Dec 29, 2025 19:52 ISTFile Photo২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবীএটা দিন অৰ্থাত ২৪ ঘন্টা। এই কথা আমি সকলোৱে জানো। কিন্তু আমি আজি আপোনালোকক কম যে এদিনত ২৪ ঘন্টা নহয়, ২৫ ঘন্টা সময় থাকিব! এই দাবী কৰিছে বিজ্ঞানীসকলে। আপোনালোকে বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য।AdvertismentRead More- জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়াপৃথিৱীখন নিজৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ ২৪ ঘণ্টা সময় লাগে। আৰু সেই সময়ক দিন বোলে। নিৰ্দিষ্ট ঠাইৰ পৰা সূৰ্য্য উদয় হোৱাৰ পিছত পুনৰ সেই ঠাইলৈ ঘূৰি আহিবলৈ ২৪ ঘণ্টা সময় লাগে। নাছাৰ বিজ্ঞানীৰ এটা দলে দাবী কৰিছে যে পৃথিৱীৰ ঘূৰ্ণন গতি মন্থৰ হোৱাৰ আঁৰত হৈছে জলবায়ু পৰিৱৰ্তন। বিজ্ঞানীসকলে ১২০ বছৰৰ তথ্য বিশ্লেষণ কৰি তেওঁলোকৰ অধ্যয়নত এই অন্তৰ্দৃষ্টি লাভ কৰিছে।Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!যদি ঘূৰ্ণনৰ গতি লেহেমীয়া হয় তেন্তে পৃথিৱীত দিনৰ দৈৰ্ঘ্য বৃদ্ধি পাব পাৰে। বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ ঘূৰ্ণনৰ অক্ষ কিছু স্থানান্তৰিত হৈছে। পৃথিৱীৰ ঘূৰ্ণনৰ গতি মিলিছেকেণ্ডৰ বাবে লেহেমীয়া হৈ আহিছে। যাৰ বাবে বিজ্ঞানীসকলে দাবী কৰিছে যে ২০০০ চনৰ পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে পৃথিৱীৰ গতিৰ ওপৰত ক্ৰমান্বয়ে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে।Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?কিন্তু ইয়াকে লৈ ভয় কৰিবলগীয়া কাৰণ নাই। কিয়নো বিজ্ঞানীসকলে দাবী কৰিছে যে এদিনত ২৫ ঘণ্টীয়া দিনটো ইমান সোনকালে নাহিব। বিজ্ঞানীসকলে দাবী কৰা অনুসৰি ইয়াৰ বাবে কমেও প্ৰায় ২০ কোটি বছৰ সময় লাগিব পাৰে।Read More- শিহৰণকাৰী! অগ্নিদগ্ধ হৈ ১৬ জনৰ কৰুণ মৃত্যুউল্লেখ্য যে বিজ্ঞানীসকলে দাবী কৰা অনুসৰি বিগত হাজাৰ বছৰ ধৰি পৃথিৱীত দিনৰ সময়সীমা বৃদ্ধি পাই অহাৰ দৰে ভৱিষ্যতেও দিনৰ সময়সীমা ২৪ ঘণ্টাতকৈ অধিক হ’ব পাৰে। এটা সময়ত পৃথিৱীত এদিনৰ সময়সীমা ২৪ ঘণ্টাৰো কম আছিল কিন্তু সময়ৰ লগে লগে ই বৃদ্ধি পাই আহিছে। গতিকে ভৱিষ্যতেও এনে এটা সময় আহিব পাৰে যে এদিনত ২৪ ঘণ্টা সময়ৰ পৰিৱৰ্তে ২৫ ঘণ্টা সময় হ’ব।AdvertismentAdvertisment Read the Next Article