Assameseশিহৰণকাৰী! অগ্নিদগ্ধ হৈ ১৬ জনৰ কৰুণ মৃত্যুবিশ্ব কঁপোৱা এক শিহৰণকাৰী খবৰ। ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ১৬ জন লোকৰ কৰুণ মৃত্যু। ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহৰ ভিতৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। Mrinmoy Talukdar Dec 29, 2025 19:46 ISTFile Photoশিহৰণকাৰী! অগ্নিদগ্ধ হৈ ১৬ জনৰ কৰুণ মৃত্যুবিশ্ব কঁপোৱা এক শিহৰণকাৰী খবৰ। ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ১৬ জন লোকৰ কৰুণ মৃত্যু। ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহৰ ভিতৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। AdvertismentRead More- মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিওমৃত্যু কাৰ, ক'ত, কেতিয়া আৰু কেনেকৈ আহে সেয়া কোনেও নাজানে। ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে মানাডো চহৰৰ এটা অৱসৰ গৃহৰ ভিতৰত হঠাতেই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত ১৬ জন লোকৰ সৈতে সংঘটিত হয় শোকাৱহ ঘটনা। এইপৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও আৰক্ষীয়ে জনোৱা অনুসৰি জুইৰ লেনিহান শিখাই মূহূৰ্ত্ততে আগুৰি ধৰিছিল সমগ্ৰ অট্টালিকাটো।Read More- মুছলমানৰ কলিজাত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে, সৰৱ মুছাপ্ৰতিবেদন অনুসৰি বৃদ্ধসকলে ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত নিজৰ কোঠাত জিৰণি লৈ আছিল। জিৰণি লৈ থকাৰ এই সময়তে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। ইতিমধ্যে নিহত বহু কেইজন লোকৰ মৃতদেহ তেওঁলোকৰ কোঠাৰ ভিতৰত পৰা উদ্ধাৰ কৰা হৈছে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। আনহাতে আৰক্ষীয়ে তদন্তৰ অন্তত অধিক তথ্য প্ৰকাশৰ প্ৰতিশ্ৰুতি দিছে। Read More- জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়াতদন্তকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জনসংযোগ বিভাগৰ মুৰব্বীয়ে জনোৱা অনুসৰি, নিহতসকলৰ অধিকাংশৰে মৃতদেহ চিনাক্ত কৰা হৈছে। আনহাতে বিষয়া গৰাকীয়ে জনোৱা অনুসৰি নিশা প্ৰায় ৯:৩০ বজাত সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰা হয়। উল্লেখ্য যে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী বিষয়া। আৰক্ষীয়ে ততালিকে জীৱিত সকলক মানাডো চহৰ আঞ্চলিক চিকিৎসালয় আৰু পেৰমাটা বুণ্ডা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।AdvertismentAdvertisment Read the Next Article