Assameseমুছলমানৰ কলিজাত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে, সৰৱ মুছামাদ্ৰাছা, মছজিদত বুলড'জাৰ চলাই মুছলমানৰ কলিজাত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ। অমানৱীয় উচ্ছেদ, ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগেৰে এই প্ৰতিবাদ মুছাৰ। Mrinmoy Talukdar Dec 29, 2025 16:30 ISTFile Photoমুছলমানৰ কলিজাত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে, সৰৱ মুছামাদ্ৰাছা, মছজিদত বুলড'জাৰ চলাই মুছলমানৰ কলিজাত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ। অমানৱীয় উচ্ছেদ, ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগেৰে এই প্ৰতিবাদ মুছাৰ। AdvertismentRead More- কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি?বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লী কঁপালে সংখ্যালঘু সংগঠনে। কেইবাটাও দাবীৰে নতুন দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ মুছাৰ। মুছাৰ দাবী, কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি বাছি বাছি উচ্ছেদ কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। Read More- জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়ামুছাৰ অভিযোগ, হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে মুখ্যমন্ত্ৰীয়ে সংবিধানৰ আওতাত থাকি কাম কৰিব লাগিব। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতবৰ্ষত কোনোধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। Read More- ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী!লগতে প্ৰতিবাদকাৰীয়ে কয় যে, বিজেপি চৰকাৰখনে কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰিছে। বাছি বাছি মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মাদ্ৰাছা, মছজিদত বুলড'জাৰ চলাই মুছলমানৰ কলিজাত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে। Read More- ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?আনহাতে প্ৰতিবাদকাৰীয়ে কয় যে, আমি উচ্ছেদৰ বিৰোধী নহয়। অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক আমাৰ সমৰ্থন আছে, কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। কাৰণ উচ্ছেদ কৰা এই লোকসকল হৈছে ভাৰতীয় নাগৰিক। Read More- অভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়েহিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে সংখ্যালঘু সকলক বিদেশীৰ নামত অত্যাচাৰ কৰিছে, বাংলাদেশী খেদাৰ নামত হাৰাশাস্তি কৰিছে মুছলমানক। শীঘ্ৰেই এই সমস্যাবোৰ সমাধান নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ সংখ্যালঘু সংগঠন মুছাৰ।AdvertismentAdvertisment Read the Next Article