Assameseপ্ৰতিমাহে ভকতৰ একাউণ্টত সোমাব ১,৫০০ টকাকৈৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনিৰ আজি শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে আঁচনিখনৰ। প্ৰতিমাহে সত্ৰৰ উদাসীন ভকতসকলক ১,৫০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে।Jyotiprasad Sarma Jan 02, 2026 17:22 ISTপ্ৰতিমাহে ভকতৰ একাউণ্টত সোমাব ১,৫০০ টকাকৈ Photograph: (DY365)প্ৰতিমাহে ভকতৰ একাউণ্টত সোমাব ১,৫০০ টকাকৈ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনিৰ শুভাৰম্ভৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনিৰ আজি শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে আঁচনিখনৰ। প্ৰতিমাহে সত্ৰৰ উদাসীন ভকতসকলক ১,৫০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে।Advertismentশুকুৰবাৰে ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনিখনৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইংৰাজী নৱবৰ্ষত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰথমখন আঁচনি হ'ল ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনি। Also Read: গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’লচৰকাৰে প্ৰৱৰ্তন কৰা আঁচনি অনুসৰি প্ৰতিমাহে সত্ৰৰ উদাসীন ভকতসকলক ১,৫০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে। প্ৰতিমাহৰ ১০তাৰিখে উদাসীন ভকতসকলে লাভ কৰিব এই ধনৰাশি। উদাসীন ভকতসকলৰ বেংক একাউণ্টত সোমাব ধন।আজি বৰপেটাৰ ১০, ধুবুৰীৰ ৮, গোৱালপাৰা ৮, গোলাঘাটৰ ৬, যোৰহাটৰ ৫৪, কামৰূপৰ ১৪, মাজুলীৰ ৪৭৪, নগাঁৱৰ ৭, নলবাৰীৰ ৬গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান কৰে চৰকাৰে। একেদৰে শোণিতপুৰৰ ৩, ওদালগুৰিৰ ৩সহ মুঠ ৬২০গৰাকী উদাসীন ভকতলৈ ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰে। Also Read: বছৰৰ প্ৰথম দিনটোত ভাল খবৰ!অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘বৰ্তমানেও বাদ পৰি থকা উদাসীন ভকতসকলকো অন্তৰ্ভুক্ত কৰা হ’ব এই আঁচনিত। জিলা আয়ুক্ত কাৰ্যালয়ে প্ৰদান কৰা তালিকা মতে আঁচনিত অন্তৰ্ভুক্ত হ'ব ভকত সকল। ৬২০ উদাসীন ভকতে প্ৰতিমাহে ১০ তাৰিখে একাউণ্টযোগে লাভ কৰিব আঁচনিৰ ধন’। ভকতসকলৰ বাবে আঁচনি মুকলি কৰিবলৈ পাই আমি ধন্য’। ইফালে ৰাজ্য চৰকাৰৰ অৰ্থসাহায্য গ্ৰহণ কৰি আৱেগিক হৈ পৰিল কেৱলীয়া ভকতসকল। 'যুগ-যুগ বাগৰি গ'ল, সত্ৰৰ অৱস্থা দিনে দিনে জহি-খহি গ'ল, কিন্তু এতিয়া সত্ৰসমূহ পূৰ্বৰ দৰে নহয়'। 'মুখ্যমন্ত্ৰীয়ে যেতিয়াৰ পৰা সত্ৰসমূহৰ দৰ্শনত আহিল, তেতিয়াই সত্ৰৰ হাজাৰ-হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহক খেদি পঠিয়ালে'। 'মই ভবা নাছিলো ৮৩ বছৰ বয়সতো এই দুৰ্গত-নিষ্পেষিত উদাসীন ভকতে আৰ্থিকভাৱে কিবা সুবিধা পাব।' উদাসীন ভকতক ১৫০০ টকাকৈ আৰ্থিক অনুদান দিয়াৰ ক্ষণত আৱেগিক হৈ পৰা এগৰাকী ভকতে এনেদৰে উল্লেখ কৰিলে।AdvertismentAdvertisment Read the Next Article