Assameseবছৰৰ প্ৰথম দিনটোত ভাল খবৰ!বছৰৰ প্ৰথম দিনটোত ভাল খবৰ! অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ৮ হাজাৰ টকা। বছৰৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।Jyotiprasad Sarma Jan 01, 2026 17:01 ISTবছৰৰ প্ৰথম দিনটোত ভাল খবৰ! Photograph: (DY365)বছৰৰ প্ৰথম দিনটোত ভাল খবৰ!লাখ লাখ মহিলাই লাভ কৰিব ৮ হাজাৰকৈ টকাবছৰৰ প্ৰথম দিনটোত ভাল খবৰ! অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ৮ হাজাৰ টকা। বছৰৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।AdvertismentAlso Read: বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮ হাজাৰ টকা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮ হাজাৰ টকাকৈ ৰাজ্যৰ হিতাধিকাৰী মহিলাসকলক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ফেব্ৰুৱাৰী মাহতেই আগতীয়াকৈ ব’হাগ বিহুৰ উপহাৰ দিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধন। একেলগে ৪ মাহৰ অৰ্থাৎ জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে। Also Read: জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল অসহনীয় শব্দ "হত্যা"!বছৰৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ আঁচনি ঘোষণা কৰে। ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বাবু আঁচনি। পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰই মাহে লাভ কৰিব ২০০০কৈ টকা। গ্ৰেজুৱেট পঢ়া ছাত্ৰই লাভ কৰিব মাহে ১০০০কৈ টকা। TDC আৰু PGৰ প্ৰথম বৰ্ষৰ ছাত্ৰক সামৰি ল’ব এই আঁচনিত। পিতৃ–মাতৃৰ উপাৰ্জন ৪ লাখ টকালৈকে হোৱাসকলে লাভ কৰিব এই আঁচনিৰ ধন। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৈও মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধি কৰিব চৰকাৰে। ৪০০ টকালৈ বৃদ্ধি হ’ব বৃদ্ধ পেঞ্চনৰ ধন। পূৰ্বে ২৫০ টকাকৈ লাভ কৰিছিল হিতাধিকাৰীয়ে। জ্যেষ্ঠ লোকৰ প্ৰতি সন্মান ৰাখি এই সিদ্ধান্ত। নতুন বৰ্ষৰ প্ৰথমটো দিনতেই এই ডাঙৰ উপহাৰ চৰকাৰৰ। পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ কাৰ্যসূচীত এই বিশেষ উপহাৰৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। কইনাধৰা ৰাজ্যিক অতিথিশালাত বিশেষ কাৰ্যসূচীত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। AdvertismentAdvertisment Read the Next Article