Assameseগুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’লপহিলা জানুৱাৰীৰ দিনাই ৰাজ্যবাসীৰ বাবে ভাল খবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলাচল হ'ব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে এই ঘোষণা। Jyotiprasad Sarma Jan 01, 2026 19:37 ISTগুৱাহাটী-কলকাতাৰ মাজত চলিব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল Photograph: (DY365)গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’লকিমান হ'ব ভাৰা, কি কি সুবিধা থাকিব?পহিলা জানুৱাৰীৰ দিনাই ৰাজ্যবাসীৰ বাবে ভাল খবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলাচল হ'ব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে এই ঘোষণা। AdvertismentVIDEO | India’s first Vande Bharat Sleeper Class train will run on the Kolkata–Guwahati route.Railway Minister Ashwini Vaishnaw (@AshwiniVaishnaw) says, “The services will become operational in the next 15–20 days, possibly around January 18–19. We have requested the Prime… pic.twitter.com/A0x5m27TKo — Press Trust of India (@PTI_News) January 1, 2026বছৰৰ প্ৰথমটো দিনতে ৰে'ল যাত্ৰীসকলৰ বাবে আহিল এটা ভাল খবৰ। যাত্ৰীসকলৰ বাবে অধিক আৰামদায়ক হৈ পৰিব ৰে'ল যাত্ৰা। ভাৰতীয় ৰে'ল বিভাগে সোনকালে গুৱাহাটী আৰু কলকাতাৰ মাজত দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল মুকলি কৰিব। গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰু উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিব এই নতুন ৰে'ল সেৱাৰ। এই অত্যাধুনিক বন্দে ভাৰত শ্লীপাৰ ৰে’লখন দূৰণিবটীয়া যাত্ৰ আৰু নিশাৰ যাত্ৰাৰ বাবে সুবিধাজনক হোৱাকৈ ডিজাইন কৰা হৈছে।VIDEO | India’s first Vande Bharat Sleeper Class train will run on the Kolkata–Guwahati route.Addressing a press conference, Railway Minister Ashwini Vaishnaw says, “The fares have been fixed keeping them substantially lower than air travel. Guwahati–Howrah air travel costs… pic.twitter.com/W2jL8LnMPC — Press Trust of India (@PTI_News) January 1, 2026সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত এই ৰে’লখনত মুঠ ১৬টা ডবা থাকিব, য’ত থাকিব ১১টা এচি ৩-টায়াৰ, থাকিব ৪টা এচি ২-টায়াৰ আৰু ১টা এচি ফাৰ্ষ্ট ক্লাছ ডবা থাকিব ট্ৰেইনখনত। গুৱাহাটী-কলকাতাৰ মাজত চলাচল হ'বলগীয়া বন্দে ভাৰত শ্লীপাৰ ৰে’লখনত মুঠ ৮২৩গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। গুৱাহাটীৰ পৰা কলকাতালৈ চলিবলগীয়া এই বন্দে ভাৰত শ্লীপাৰ ৰে’লখনৰ ভাৰা হ’ব পাৰে ২,৩০০-৩,৬০০ টকা। এচি ৩-টায়াৰৰ ভাৰা হ'ব পাৰে ২,৩০০ টকা। এচি ২-টায়াৰৰ ভাৰা ৩,০০০ টকাৰ হোৱাৰ সম্ভাৱনা। এ চি ফাৰ্ষ্ট ক্লাছৰ ভাৰা হ'ব পাৰে ৩,৬০০ টকা। VIDEO | Delhi: Addressing a press conference, Railway Minister Ashwini Vaishnaw discusses the technology and design of Vande Bharat Sleeper trains, highlighting advanced safety systems, modern aerodynamics, improved suspension, energy-efficient traction, and enhanced passenger… pic.twitter.com/bBeHLqXzB5 — Press Trust of India (@PTI_News) January 1, 2026যাত্ৰীসকলে এই ৰে'লখনত যাত্ৰাৰ সময়ত কেইবাটাও উন্নতমানৰ বৈশিষ্ট্যৰ দ্বাৰা উপকৃত হ’ব। স্বয়ংক্ৰিয় দুৱাৰ আৰু উচ্চমানৰ ছাচপেনচন আৰু শব্দ হ্ৰাসৰ ব্যৱস্থাও থাকিব এই ট্ৰেইনখনত। ৰে'লযাত্ৰীৰ সুৰক্ষা আৰু আৰামৰ সম্পূৰ্ণ ব্যৱস্থা থাকিব এই ৰে'লখনত। AdvertismentAdvertisment Read the Next Article