Advertisment

২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন

ৰে'ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি ভাৰাৰ বাবদত আৰু অলপ বেছিকৈ ধন খৰচ কৰিব লাগিব। ভাৰতীয় ৰে'লৱেই ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাৰাৰ কথা ঘোষণা কৰিছে।

 ২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন Photograph: (DY365)
২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন Photograph: (DY365)

২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন

ৰে'ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি ভাৰাৰ বাবদত আৰু অলপ বেছিকৈ ধন খৰচ কৰিব লাগিব। ভাৰতীয় ৰে'লৱেই ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাৰাৰ কথা ঘোষণা কৰিছে। কাইলৈৰ পৰা ৰে’ল যাত্ৰীসকলে পূৰ্বতকৈ ৰে'লৰ টিকটৰ নামত অধিক ধন ভৰিব লাগিব। 

Advertisment

Also Read: জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!

কাইলৈৰ পৰা অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত যাত্ৰীসকলে পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন। ভাৰতীয় ৰে'লৱে ঘোষণা কৰিছে টিকটৰ নতুন নিৰিখ। নতুন ভাৰাৰ গাঁথনি অনুসৰি AC আৰু NON AC উভয়তে বৃদ্ধি পাব দূৰণিবটীয়া যাত্ৰাৰ টিকটৰ দাম। 

Also Read: কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক...

ভাৰাৰ নতুন গাঁথনি অনুসৰি ক’ত কিমান বৃদ্ধি কৰা হৈছে ৰে’লৰ টিকটৰ মূল্য?
৫০০ কিলোমিটাৰ যাত্ৰাৰ বাবে যাত্ৰীসকলে দিব লাগিব অতিৰিক্ত ১০ টকাকৈ। জেনেৰেলত বৃদ্ধি কৰা হোৱা নাই ২১৫ কিলোমিটাৰৰ তলৰ যাত্ৰাৰ কোনো ভাৰা। ২১৫ কিলোমিটাৰৰ পিছত প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি কৰাৰ কথা ঘোষণা সাধাৰণ শ্ৰেণীৰ ভাৰা। একেধৰণেৰে মেইল আৰু এক্সপ্ৰেছৰ প্ৰতি কিলোমিটাৰত টিকটৰ বাবদত ২ পইচাকৈ অতিৰিক্তকৈ দিব লাগিব ৰে'ল যাত্ৰীয়ে। এই ভাৰা বৃদ্ধিৰ ফলত ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশংকা কৰিছে ভাৰতীয় ৰে’লৱে। বিপৰীতে বৃদ্ধি হোৱা নাই ছাবাৰবান আৰু মাহেকীয়া ছিজনৰ টিকটৰ ভাৰা। 

Also Read: শোকাৱহ! ভয়ংকৰ বিমান দুৰ্ঘটনাত কেইবাজনৰো মৃত্যু

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে চলিত বছৰৰ জুলাই মাহত ভাৰা বৃদ্ধি কৰিছিল ভাৰতীয় ৰে’লৱেই। চলিত বৰ্ষত এয়া দ্বিতীয়বাৰৰ বাবে ৰে'লৰ ভাৰা বৃদ্ধি পাব। উচ্চ পৰ্যায়ৰ কাৰ্যকলাপৰ বাবে আৰু সুৰক্ষা উন্নত কৰাৰ বাবেই ভাৰা বৃদ্ধিৰ সিদ্ধান্ত ভাৰতীয় ৰে’ল বিভাগৰ। 

Advertisment
Advertisment