Assameseলক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰলক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।Mrinmoy Talukdar Nov 21, 2025 17:00 ISTলক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰলক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰলক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। Advertismentমিছন ১০০ ৰ লক্ষ্যৰে ২০২৬ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি। দুনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। BTCৰ ১৫ খন আসনক লৈ চিন্তিত বিজেপি। BTCৰ ৫ জিলাৰ সভাপতি, সম্পাদক প্ৰভাৰীৰে বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।বিধানসভা নিৰ্বাচনলৈ এতিয়াও ৫টা মাহ বাকী। ইতিমধ্যেই সাংগঠনিক ভেঁটি মজবুত কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে। মিছন ১০০ৰ ৭০ খন আসনত অকলে জয়ী হোৱাৰ মিছন এতিয়া বিজেপিৰ। যাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে কৰিব বিজেপিয়ে কৰিব আশীৰ্বাদ যাত্ৰা। প্ৰতিটো বুথেই জয়ী হোৱাৰ লক্ষ্য বিজেপিৰ। বিজেপিৰ টাৰ্গেট BTCত থকা ১৫ খন আসন। BTC নিৰ্বাচনত আশা কৰা ধৰণে ফল নোপোৱাত BTCৰ ৫খন জিলাত সাংগঠনিক ভেঁটি অধিক মজবুত কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বেই ৰাজ্যিক বিজেপিৰ কার্যালয়ত BTCৰ অন্তৰ্গত ৫খন জিলাৰ সভাপতি, সম্পাদক, প্ৰভাৰী, MCLA , পৰাজয় হোৱা প্ৰাৰ্থীৰ সৈতে বৈঠক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। BTC নির্বাচন কিয় পৰাজয় হল বিজেপিৰ? কেইবাজনো নেতাৰ বিৰুদ্ধে অভিযোগ দিলে প্ৰাৰ্থীয়ে। প্ৰতিগৰাকী নেতাক BPF চৰকাৰক সমৰ্থন দিয়াৰ আহ্বান দিলীপ শইকীয়াৰ।আনহাতে আজি প্ৰতিটো বিধান সভা সমষ্টিৰ প্ৰভাৰী আৰু আহ্বায়কৰ সৈতে বৈঠকত মিলিত হব ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক জনৰ এই দুদিনীয়া অসম ভ্ৰমণতে নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'ব সাংগঠনিক ৰণ কৌশল।AdvertismentAdvertisment Read the Next Article