Assameseকাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?এইবাৰ বিজেপিক মোগল আখ্যা কংগ্ৰেছৰ। লাচিতে মোগলক পৰাভূত কৰাৰ দৰে স্বাভিমানী খিলঞ্জীয়া ভূমিপূত্ৰই এইবাৰ পৰাভূত কৰিব অহংকাৰী ৰজাক। ২৬ৰ নিৰ্বাচনক শৰাইঘাটৰ ৰণ আখ্যা দি APCCৰ সভাপতি গৌৰৱ গগৈৰ টাৰ্গেট মুখ্যমন্ত্ৰী-বিজেপি।Mrinmoy Talukdar Jan 03, 2026 19:38 ISTFile Photoকাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?এইবাৰ বিজেপিক মোগল আখ্যা কংগ্ৰেছৰ। লাচিতে মোগলক পৰাভূত কৰাৰ দৰে স্বাভিমানী খিলঞ্জীয়া ভূমিপূত্ৰই এইবাৰ পৰাভূত কৰিব অহংকাৰী ৰজাক। ২৬ৰ নিৰ্বাচনক শৰাইঘাটৰ ৰণ আখ্যা দি APCCৰ সভাপতি গৌৰৱ গগৈৰ টাৰ্গেট মুখ্যমন্ত্ৰী-বিজেপি।AdvertismentRead More- অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ’২৬ত শৰাইঘাটৰ শেষ ৰণৰ শ্লোগান দিব কংগ্ৰেছে। ২৬ৰ নিৰ্বাচনক শৰাইঘাটৰ ৰণ আখ্যা APCCৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি গৌৰৱ গগৈয়ে ক'লে- 'হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কেনেকৈ হৈছে সেয়া অসমৰ ৰাইজে জানে। অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। এইবাৰ ৰাইজ বনাম ৰজাৰ মাজত যুঁজ হ'ব। মোগলক খেদাৰ দৰেই অসমৰ ৰাইজে পৰাভূত কৰিব অসমৰ ৰজাক।Read More- কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত?গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য- 'হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ বেছি বেয়া পাই খিলঞ্জীয়া ভূমিপূত্ৰক। হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে মুখ্যমন্ত্ৰী হৈছে সেই কথা সকলোৱে জানে। মই সেই সময়ত একো নকলো কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাত আটাইতকৈ বেছি ভূমিকা আছে গৃহমন্ত্ৰী অমিত শ্বাহৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে। সেইবাবে অমিত শ্বাহৰ প্ৰতি মৰম বেছি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ'।Read More- ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দামলগতে গৌৰৱ গগৈয়ে ক'লে- 'এইবাৰৰ নিৰ্বাচন আটাইতকৈ বেছি আকৰ্ষণীয় হ'ব। এইবাৰৰ নিৰ্বাচন হ'ব অসমৰ ৰাইজ আৰু অহংকাৰী ৰজাৰ মাজত। এইবাৰ অসমৰ ৰাইজে সমগ্ৰ ভাৰতবৰ্ষকে দেখুৱাব কেনেদৰে স্বাভিমানী ৰাইজ একত্ৰিত হ'লে অহংকাৰী, অত্যাচাৰী, ধনবল, বাহুবল থকা দলক ওফৰাই দিব পাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অহংকাৰী ৰজা বুলি টাৰ্গেট কৰি উজনি অসমৰ পৰাই বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। AdvertismentAdvertismentAdvertisment Read the Next Article