Advertisment

অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ

জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়। সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ, দানৱ আখ্যা দি গৰিমাই ক'লে- দানৱকেইটাই শাস্তি পাবই লাগিব। 

 File Photo
File Photo

অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ

জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়। সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ, দানৱ আখ্যা দি গৰিমাই ক'লে- দানৱকেইটাই শাস্তি পাবই লাগিব। 

Advertisment

Read More- ন্যায় নাপাব নেকি জুবিন গাৰ্গে? নিজাববীয়াকৈ অধিবক্তা ল'লে অভিযুক্তই!

'এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ'। 'জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়'। 'এই অসুৰকেইটা বধ হ'বই লাগিব'। সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ, দানৱ আখ্যা জুবিন পত্নী গৰিমাৰ।

Read More- আদালতত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাৰ আজি অনুষ্ঠিত হৈছিল শুনানি। শুনানিত উপস্থিত আছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব গোচৰটোৰ পৰৱৰ্তী শুনানি। আজি অমৃতপ্ৰভা মহন্তৰ হৈ জামিন আবেদন দাখিল কৰে অধিবক্তাই। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ আৰু ২ দেহৰক্ষীয়েও দাখিল কৰে জামিন আবেদন। লগতে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তয়ো নিজাববীয়াকৈ নিয়োগ কৰিছে কলকাতাৰ ৰাজদীপ বেনাৰ্জী নামৰ এজন অধিবক্তা। 

Read More- কয়দীবিহীন এখন কাৰাগাৰ

আজি শুনানিৰ সময়ত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ। মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাই জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমাই বিচাৰিলে- বিশেষ আদালতত গোচৰটোৰ শুনানি। আনহাতে সিদ্ধাৰ্থ, শ্যামকানুকে ধৰি অভিযুক্ত কেইটাক দানৱ আখ্যা দি গৰিমা গাৰ্গে ক'লে- ‘এই অসুৰ আৰু দানৱ কেইটাই কঠোৰ শাস্তি পাবই লাগিব। সিঁহতকেইটা মানুহ নহয়, সিহতকেইটা হৈছে অসুৰ আৰু দানৱ।' আনহাতে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত কেইটাৰ মুখত কোনো অনুসূচনা নেদেখিলে গৰিমাই। 

Read More- জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰ

জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰাণৰ মানুহ আছিল। জুবিন গাৰ্গ কেৱল মোৰ স্বামী নহয়, আপোনালোক সকলোৰে বাবে আছিল জুবিন গাৰ্গ। সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ, দানৱ আখ্যা জুবিন পত্নী গৰিমাই ক'লে- এই অসুৰকেইটাক মই মানুহ বুলি নকও। এই অসুৰকেইটা বধ হ'বই লাগিব।

Advertisment
Advertisment