"জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰ জুবিন গাৰ্গৰ নামত গঠন হ'ল 'জুবিন গাৰ্গ ন্যাস'। জুবিন গাৰ্গৰ খাৰঘূলিৰ সপোনৰ ঘৰটো উচৰ্গা কৰা হ'ব 'জুবিন গাৰ্গ ন্যাস'ৰ নামত। জুবিনৰ সৃষ্টিৰাজি চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে পত্নী গৰিমা গাৰ্গে কৰিলে এই ঘোষণা।Advertisment Read More- কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত? জুবিন গাৰ্গ অসম আৰু অসমবাসীৰ প্রাণে প্রাণে চিৰদিন চিৰবর্তমান এক সত্ত্বা। এই সত্ত্বাটোৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ স্বপ্ন আৰু কর্ম, সাধনা আৰু সৃষ্টি, আদর্শ আৰু বিশ্বাসকো আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব। জুবিনৰ সপোনবোৰ আমি আগুৱাই নিব লাগিব। এইখিনিতে আমি স্থবিৰ হৈ গ'লে জুবিনৰ প্ৰতি অন্যায় কৰা হ'ব। জুবিনে কৈছিল, মোক মনত ৰখাতকৈ মোক কামবোৰক, মোৰ সৃষ্টিৰাজিক অসমৰ ৰাইজে মনত ৰাখিলে মই বেছি ভাল পাম। আৱেগিক গৰিমা শইকীয়া গাৰ্গে কৰিলে এই মন্তব্য। Read More- ৩-৪ কোটি টকাত বিক্ৰী হ"ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰী আজি কাহিলীপাৰাস্থিত নিজ বাসগৃহত সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য হাৰ্টথ্ৰ'ৱৰ পত্নীৰ। সংবাদমেলত গৰিমা শইকীয়া গাৰ্গে ক'লে- পৰিয়াল, আত্মীয় স্বজন, আৰু অগ্রজ-অনুজ ভ্রাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শেৰে আমি এক নতুন পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ। সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল, আৰু এইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল। শিল্পীগৰাকীৰ সেই চেতনাক সৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্ব কামনাৰে আমি জুবিন গাৰ্গৰ নামত এটি ট্রাষ্ট বা ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ। Read More- গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে"ল এই ট্রাষ্টৰ যোগেদি জুবিন গাৰ্গৰ আদর্শেৰেই তেখেতৰ প্রিয় প্রকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম। এই পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘুলিৰ ঘৰটো আগবঢ়াই দিব বিচাৰিছোঁ। আমাৰ আশা- জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদৰ্শ আৰু দৰ্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক। Read More- বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ! জুবিন গাৰ্গে কৰি যোৱাৰ দৰেই এই ট্রাস্টে 'কলাগুক আর্টিষ্ট ফাউণ্ডেশ্যন'ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব। শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা 'অভিনয়াঃ জংকী বৰঠাকুৰ পৰিবেশ্য কলা কেন্দ্ৰ'ৰ যোগেদি নতুন প্রজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম। তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা Intellectual Property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰা হ'ব। জুবিন গাৰ্গৰ জীৱন আৰু কৰ্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অবদান সম্পর্কে বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে চৰ্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গৱেষণা গোট বা Dedicated Research Wing গঠন কৰা হ'ব যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব। Read More- হিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ পঢ়াশলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু-বান্ধর, যি নিজ নিজ ক্ষেত্রত বিশেষভাবে প্রতিষ্ঠিত, তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, প্রশাসনিক তথ্য সংবাদ জগতৰ বহুকেইগৰাকী অগ্রজ-অনুজ ভ্রাতৃ-বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ। জুবিন গার্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা 'জুবিন ফেন ক্লাবো' এই পৰিকল্পনাৰ সহযাত্রী হৈছে। Read More- মাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ 'জুবিন গাৰ্গ ন্যাস' পৰিচালনা কৰিব- জুবিন গাৰ্গৰ খুড়ায়েক মনোজ বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, গৌতম শৰ্মা, গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰৰ লগতে জুবিন গাৰ্গৰ একাংশ শুভাকাংক্ষী তথা পৰিয়ালৰ সদস্যই। লগতে জুবিন গাৰ্গৰ ন্যাসৰ অধীনত থাকিব তিনিটা উইংছ৷ কলাগুৰু ফাউণ্ডেচন, অভিনয়া আৰু জুবিন গাৰ্গৰ কৰ্মৰাজীৰ এটা গৱেষণা কেন্দ্ৰ৷ লগতে গৰিমাই ক'লে- জুবিন গাৰ্গক আমি কামৰ জৰিয়তে আমাৰ মাজত জীয়াই ৰাখিব বিচাৰিছো। আৰু জুবিন গাৰ্গৰ অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব জুবিন গাৰ্গ ন্যাসে৷"