Assamese৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰীকংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা-বেচাৰ ৰাজনীতি। ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট। সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বাবে আৰম্ভ হৈছে দৰ-দাম। বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। Mrinmoy Talukdar Jan 02, 2026 18:01 ISTFile Photo৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰীকংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা-বেচাৰ ৰাজনীতি। ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট। সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বাবে আৰম্ভ হৈছে দৰ-দাম। বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। AdvertismentRead More- ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দামবিধানসভা নিৰ্বাচনলৈ আৰু কেইটামান মাহ বাকী। শাসক-বিৰোধী সকলো ৰাজনৈতিক দলেই এতিয়া নিৰ্বাচনী কুচকাৱাজত ব্যস্ত। ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ্য কৰি লৈছে কংগ্ৰেছ দলক। কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা-বেচাৰ ৰাজনীতি। ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট। বিৰোধীৰ আসন বুজাপৰা সন্দৰ্ভতো বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Read More-বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নায়ক নহয়, দেশদ্ৰোহী!মুখ্যমন্ত্ৰীয়ে কয় যে, 'মিঞা মুছলমানৰ সমষ্টিত প্ৰাৰ্থী দিয়াৰ নামত ৩-৪ কোটি টকা ল'ব কংগ্ৰেছে'। বিগত নিৰ্বাচনতো টকা লৈছিল কংগ্ৰেছে। আকৌ মিত্ৰদলত আসন এৰি দিয়া সমষ্টিসমূহৰ টকাও প্ৰাৰ্থীসমূহক উভতাই নিদিলে কংগ্ৰেছে। গতিকে কংগ্ৰেছৰ টিকট দিয়া ব্যৱস্থাটো টকাৰ ওপৰত নিৰ্ভৰ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, বিজেপি দলত টিকটৰ বাবে আৱেদন কৰিবলৈ এটকাও দিব নালাগে। একেবাৰে মাচুলবিহীন।Read More- বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!বিৰোধীৰ আসন বুজাপৰা সন্দৰ্ভতো বৃহৎ মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ। আকৌ এবাৰ লুৰীণ–অখিলক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয়, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি ২৬ খনকৈ আসন পায়, সেইটোও এটা ডাঙৰ কথা। কাৰণ অজাপ আৰু ৰাইজৰ দলৰ কোনো সংগঠন নাই। লুৰীণ–অখিলৰ দলত ৩–৪ জনকৈ বেছি প্ৰাৰ্থীয়ে নাই। গতিকে ২৬ খনতকৈ বেছি আসন পালে তেওলোকৰ প্ৰাৰ্থী বিচাৰিবলৈ কষ্ট হ'ব।Read More- মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰAdvertismentAdvertisment Read the Next Article