Assameseকয়দীবিহীন এখন কাৰাগাৰএখন কাৰাগাৰ। চৌদিশে কেৱল ওখ ওখ দেৱাল। পিছে এই কাৰাগাৰখনত আজিপৰ্যন্ত নাই এজনো কয়দী। কাৰাগাৰখনত আছে কয়দী ৰখা কোঠাও। কাৰাগাৰখনত নাই কৰ্মচাৰীও। কয়দীবিহীন কাৰাগাৰখন লাহে লাহে পৰিণত ভূত বাংলালৈ! Jyotiprasad Sarma Jan 03, 2026 11:03 ISTকয়দীবিহীন এখন কাৰাগাৰ Photograph: (DY365)কয়দীবিহীন কাৰাগাৰক'ত আছে কাৰাগাৰখন?এখন কাৰাগাৰ। চৌদিশে কেৱল ওখ ওখ দেৱাল। পিছে এই কাৰাগাৰখনত আজিপৰ্যন্ত নাই এজনো কয়দী। কাৰাগাৰখনত আছে কয়দী ৰখা কোঠাও। কাৰাগাৰখনত নাই কৰ্মচাৰীও। কয়দীবিহীন কাৰাগাৰখন লাহে লাহে পৰিণত ভূত বাংলালৈ! Advertismentকোনোদিনেই কয়দীৰ মুখ নেদেখা কাৰাগাৰখন তিনি দশক ধৰি পৰিত্যক্ত অৱস্থাত। ভূত বাংলালৈ পৰিণত চৰকাৰী সম্পদ! ৰাজ্যখনৰ ভিতৰতে আছে কয়দীবিহীন এখন বৃহৎ কাৰাগাৰ! Also Read: হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল ৰাজপথজোনাই সমজিলাৰ ৩ নং মুৰ্কংচেলেকত বিগত প্ৰায় তিনি দশকৰ পূৰ্বে নিৰ্মাণ হোৱা কাৰাগাৰখনত আজিপৰ্যন্ত নাই কোনো এজনো কয়দী। চৰকাৰৰ ৰাজকোষৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা কাৰাগাৰখন বৰ্তমান সময়ত পৰিত্যক্ত অৱস্থাত আছে আৰু পৰিণত হৈছে ভূত বাংলালৈ! জানিব পৰা অনুসৰি প্ৰায় ১৯৯০ চনতে স্থাপন কৰা কাৰাগাৰখন আজিপৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল।Also Read: জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰচৰকাৰী পৰিকল্পনা, বৃহৎ ব্যয় আৰু প্ৰয়োজনীয় সকলো আঁন্তঃগাঁথনি থাকিলেও ব্যৱহাৰৰ অভাৱত এই বৃহৎ কাৰাগাৰখন আজি ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত। বিশেষকৈ, প্ৰায় ৫২ বিঘা ভূমিত নিৰ্মাণ কৰা এই কাৰাগাৰখনত কয়দী ৰখাৰ বাবে পৃথক পৃথক কোঠা, প্ৰশাসনিক বিভাগৰ বাবে কাৰ্যালয়, কাৰাগাৰৰ কৰ্মচাৰী আৰু বিষয়া থাকিব পৰাকৈ আৱাসিক গৃহ, চৌহদ, পানীৰ ব্যৱস্থা আদি সকলো সুবিধা উপলব্ধ আছিল। তথাপি, বিগত প্ৰায় ৩৫ বছৰ ধৰি ব্যৱহাৰ নোহোৱাত কাৰাগাৰখনৰ মূল ভৱনৰ লগতে আন আন গৃহসমূহ এতিয়া এফালৰ পৰা জহি-খহি যাবলৈ ধৰিছে। যাৰ ফলত পৰিত্যক্ত অৱস্থাত থকা এই কাৰাগাৰৰ চৌহদত গছ-লতা আদিয়ে আৱৰি ধৰিছে। উল্লেখযোগ্য যে, ১৯৯০ চনতেই জোনাই অঞ্চলত এখন পৃথক কাৰাগাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰি তেতিয়াৰ চৰকাৰে এই কাৰাগাৰখন নিৰ্মাণৰ এক যুগান্তকাৰী সিদ্ধান্ত লৈছিল। সেই সময়ত জোনাই আছিল এখন মহকুমা। পৰৱৰ্তী সময়ত জোনাই মহকুমা উন্নীত হৈ সমজিলাৰ মৰ্যাদা লাভ কৰিলে যদিও এই কাৰাগাৰখন আজিকোপতি কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰীভাৱে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নহ’ল। যাৰ ফলত বহু কোটি টকাৰ চৰকাৰী সম্পত্তি আজি অনাৱশ্যকভাৱে নষ্ট হৈ যোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় সংগঠনৰ লগতে সচেতন মহলে।AdvertismentAdvertisment Read the Next Article