Advertisment

হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল ৰাজপথ

বিশাল জোঁৰ সমদলেৰে ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনীৰ উত্তাল প্ৰতিবাদ। কেইবাটাও দাবীৰে শ শ পুৰুষ-মহিলাই কঁপাই তোলে ৰাজপথ। হাতে হাতে জোঁৰ লৈ হৰ হৰ মহাদেৱ ধ্বনিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। 

 হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল ৰাজপথ Photograph: (DY365)
হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল ৰাজপথ Photograph: (DY365)

হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল ৰাজপথ


নাথ যোগী জনগোষ্ঠীৰ বিশাল জোঁৰ সমদল

বিশাল জোঁৰ সমদলেৰে ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনীৰ উত্তাল প্ৰতিবাদ। কেইবাটাও দাবীৰে শ শ পুৰুষ-মহিলাই কঁপাই তোলে ৰাজপথ। হাতে হাতে জোঁৰ লৈ হৰ হৰ মহাদেৱ ধ্বনিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। 

Advertisment

Also Read: জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰ


ৰাজ্যৰ ভিন্ন প্ৰান্তত নাথ যোগীৰ বিশাল জোঁৰ সমদল। কেইবাটাও দাবীৰে শ শ পুৰুষ-মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। মৰিগাঁৱৰ ৰাজপথ কঁপাই তুলিলে নাথ যোগী জনগোষ্ঠীৰ কেইবাটাও সংগঠনে। জিলাখনৰ নাথ যোগী বসতি প্ৰধান গাঁও সমূহৰ পৰা প্ৰায় দুই সহস্ৰাধিক পুৰুষ-মহিলা আৰু যুৱক-যুৱতী ওলাই আহে ৰাজপথলৈ। হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ডৰ লগতে জোঁৰ লৈ ন্যায্য প্ৰাপ্তিৰ অৰ্থে সাব্যস্ত কৰে প্ৰতিবাদ। বিশেষকৈ অসমৰ প্ৰতিখন জিলাত বসবাস কৰা নাথ যোগী জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা, নাথ যোগীসকলক উপগ্ৰহীয় স্বায়ত্ব পৰিষদ প্ৰদান কৰা, খিলঞ্জীয়া নাথ যোগী জনগোষ্ঠীৰ লোকসকলক অসম চৰকাৰে অতি শীঘ্ৰেই সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰা, চৰকাৰৰ বিভিন্ন নিগম নিকায়সমূহৰ লগতে স্বায়ত্বশাসিত পৰিষদ সমূহত নাথ যোগী জনগোষ্ঠীৰ লোকক অগ্ৰাধিকাৰ প্ৰধান কৰাকে ধৰি ১১টা দাবী উত্থাপন কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী

Also Raed: কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত?

ইফালে, ডুমডুমাৰ ধলাত নাথ যোগীৰ বিশাল জোঁৰ সমদলেৰে উত্তাল প্ৰতিবাদ। কেইবাশতাধিক পুৰুষ-মহিলাই হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। ডুমডুমাৰ ধলাত অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু অসম নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বিশাল জোঁৰ সমদল বাহিৰ কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। অসমৰ খিলঞ্জীয়া নাথ যোগী সকলৰ বিভিন্ন দাবীৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীসকলে। 

আনহাতে অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বেবেজীয়া জামুগুৰিতো বৃহৎ জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ। অসমৰ খিলঞ্জীয়া নাথ যোগী সকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা আৰু নাথ যোগী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত জোঁৰ সমদলেৰে সাব্যস্ত কৰে প্ৰতিবাদ। জামুগুৰিৰ গৰখীয়া থানৰ পৰা মনবৰ নাথ ক্ষেত্ৰলৈ উলিওৱাজোঁৰ সমদলৰ কাৰ্যসূচীত কেইবাশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি নাথ যোগী সকলক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে।

Advertisment
Advertisment