Advertisment

এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস

ভোগালী বিহুলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী। এতিয়া ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ভোগালী বিহুৰ প্ৰাকক্ষণত মাজুলীৰ এখন বিদ্যালয়ত উদযাপন কৰিলে চুঙা পিঠা উৎসৱ।   

 চুঙা পিঠা উৎসৱ, এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস Photograph: (DY365)
চুঙা পিঠা উৎসৱ, এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস Photograph: (DY365)

চুঙা পিঠা উৎসৱ


এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস


ভোগালী বিহুলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী। এতিয়া ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ভোগালী বিহুৰ প্ৰাকক্ষণত মাজুলীৰ এখন বিদ্যালয়ত উদযাপন কৰিলে চুঙা পিঠা উৎসৱ।   
 
মঙলবাৰে মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত চুঙা পিঠা উৎসৱ পালন কৰে। চুঙা পিঠাৰ সোৱাদ ল'লে ছাত্ৰ-ছাত্ৰীয়ে। একাংশ ছাত্র-ছাত্ৰীয়ে নিজে প্ৰস্তুত কৰি চুঙা পিঠাৰ জুতি লয়। পাঠদানৰ সমন্তৰালভাৱে শিক্ষকে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দিয়ে অসমীয়া প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ বিষয়ে।

Advertisment

Also Read: হিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে

মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত অসমীয়াৰ পৰম্পৰাগত চুঙা পিঠাৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক চুঙা পিঠাৰ সোৱাদ দিয়াৰ লগতে  অসমীয়া সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে। বাঁহৰ চুঙাত ছাত্ৰ-ছাত্ৰী সকলে পিঠাগুৰি ভৰাই জুইত পুৰি নিজে পোৰা চুঙা পিঠাৰ জুতি লৈ আনন্দিত হৈ পৰিল। বিদ্যালয়খনৰ আচাৰ্যসকলে চুঙা পিঠা বনোৱা কাৰ্যৰ অনুশীলন কৰোৱায় ছাত্ৰ-ছাত্ৰীসকলক।

Also Read: নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক আৰিমত্ত পুখুৰী!

আধুনিকতাৰ ধামখুমীয়াত একক পৰিয়ালকেন্দ্ৰিক ব্যৱস্থা সমূহৰ পৰা ক্ৰমাৎ হেৰাই যোৱা চুঙা পিঠাৰ লগত আজিৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচয়হীন এক অৱস্থাৰ সৃষ্টি হৈছে। এনে এক সময়ত বিদ্যালয়খনে অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক চুঙা পিঠাৰ সোৱাদ দিয়া আৰু অসমীয়াৰ এক পৰম্পৰাৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা কাৰ্যই অসমীয়াৰ প্ৰাচীন পৰম্পৰাৰ প্ৰতি এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে। বিদ্যালয়খনৰ এই কাৰ্যত প্ৰশংসা কৰিছে অভিভাৱক তথা অঞ্চলবাসীয়ে।

Advertisment
Advertisment