Assameseহিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকেহাজোত মুছলমান সম্প্ৰদায়ৰ লোকে দাঙি ধৰিলে সম্প্ৰীতিৰ আন এক উৎকৃষ্ট নিৰ্দশন। হিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে। সীমাৰ পৰিধি ভাঙি সম্প্ৰীতিৰ আন এক নিৰ্দশন দেখুৱালে তীৰ্থনগৰী হাজোৰ কোঁৱৰপুৰৰ ৰাইজে। Jyotiprasad Sarma Jan 06, 2026 14:20 ISTহিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে Photograph: (DY365)সম্প্ৰীতিৰ আন এক নিৰ্দশনহিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকেসম্প্ৰীতিৰ আন এক উৎকৃষ্ট নিৰ্দশন। হিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে। মৃত হিন্দু ধর্মৰ লোকক চিতাত তুলি দিলে ইছলাম ধৰ্মৰ লোকে। Advertismentহাজোত মুছলমান সম্প্ৰদায়ৰ লোকে দাঙি ধৰিলে সম্প্ৰীতিৰ আন এক উৎকৃষ্ট নিৰ্দশন। হিন্দু ধর্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে। সীমাৰ পৰিধি ভাঙি সম্প্ৰীতিৰ আন এক নিৰ্দশন দেখুৱালে তীৰ্থনগৰী হাজোৰ কোঁৱৰপুৰৰ ৰাইজে। Also Read: নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক আৰিমত্ত পুখুৰী!তীৰ্থনগৰী হাজোৰ কোঁৱৰপুৰ গাঁওখনত সৰহসংখ্যক লোকেই মুছলমান সম্প্ৰদায়ৰ। গাঁওখনৰ প্ৰায় ৯০ শতাংশ লোকেই মুছলমান সম্প্ৰদায়ৰ। এই কোঁৱৰপুৰ গাঁওখনত হিন্দু ধৰ্মৰ লোক তেনেই কম। সৰহ সংখ্যক ইছলাম ধৰ্মৰ লোকে বাস কৰা হাজোৰ কোঁৱৰপুৰ গাঁৱত আছে মাত্ৰ তিনিটাকৈ হিন্দু ধৰ্মৰ পৰিয়াল। তিনিটা হিন্দু পৰিয়াল থকা গাঁওখনৰ এঘৰত নিশা দুখজনক ঘটনা ঘটে। গাঁওখনৰ বিশিষ্ট সমাজকর্মী সুৰেন দাসে নিশা মৃত্যুক আঁকোৱালি লয়। বাৰ্ধক্যজনিত কাৰণত মৃত্যুমুখত পৰে সমাজকর্মী সুৰেন দাস। সমাজকর্মী সুৰেন দাসৰ মৃত্যুৰ খবৰ বিয়পি পৰাত পুৱাই প্ৰয়াত সুৰেন দাসৰ বাসগৃহত ভিৰ কৰে অসংখ্য ইছলাম ধৰ্মৰ লোকে।Also Read: আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীত!প্ৰয়াত সুৰেন দাসৰ সৎকাৰ ৰ বাবে হিন্দু ধর্মৰ লোকলৈ বাট নাচায় সৎকাৰ কৰিবলৈ ওলাই আহিল সকলো ইছলাম ধৰ্মৰ লোক। দুই পুত্ৰৰ সহযোগত ইছলাম ধৰ্মৰ লোকসকলে শ্মশানলৈ লৈ যায় সুৰেন দাসৰ মৃতদেহ। হিন্দু ধর্মৰ নিয়ম–নীতিৰ মাজৰে সুৰেন দাসৰ মৃতদেহ চিটাত তুলি দিয়ে ইছলাম ধৰ্মৰ লোকসকলে। এনেদৰে কোঁৱৰপুৰ গাঁৱৰ মুছলমান লোকসকলে দাঙি ধৰিলে সম্প্ৰীতিৰ নিৰ্দশন। এক কথাত ক'ব পাৰি, অতীজৰ পৰা সম্প্ৰীতিৰ নিদৰ্শন বহন কৰি অহা তীৰ্থনগৰী হাজোত আজিও এনেদৰে অব্যাহত আছে হিন্দু- মুছলমানৰ ভাতৃত্ববোধৰ এনাজৰী।AdvertismentAdvertisment Read the Next Article