Assameseআগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীত!সাৱধান! আগন্তুক ৫ দিন প্ৰচণ্ড ঠাণ্ডাই কঁপোৱাৰ সম্ভাৱনা আছে অসমবাসীক। এই পুহমহীয়া জাৰৰ মাজতে অসমত নেৰানেপেৰা বৰষুণৰ আগজাননী। ঘন কুঁৱলীয়ে আৱৰি ৰাখিব ৰাজ্য।Jyotiprasad Sarma Jan 06, 2026 13:48 ISTআগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীত! Photograph: (DY365)আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীত!ঘন কুঁৱলীয়ে আৱৰি ৰাখিব অসমসাৱধান! আগন্তুক ৫ দিন প্ৰচণ্ড ঠাণ্ডাই কঁপোৱাৰ সম্ভাৱনা আছে অসমবাসীক। এই পুহমহীয়া জাৰৰ মাজতে অসমত নেৰানেপেৰা বৰষুণৰ আগজাননী। ঘন কুঁৱলীয়ে আৱৰি ৰাখিব ৰাজ্য।AdvertismentAlso Read: স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰকৰাজ্যত প্ৰচণ্ড শীতৰ প্ৰকোপ অব্যাহত আছে। আগন্তুক ৫ দিনলৈ ৰাজ্যত অব্যাহত থাকিব হাড় কঁপোৱা শীতৰ প্ৰবাহ। এই দিনকেইটাত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব অসম। সমুদ্ৰপৃষ্ঠত উত্পত্তি হোৱা বতাহ নিম্নমুখী হৈ বৈছে উত্তৰ-পূব দিশে। অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ কিছু অংশত হ’ব পাৰে বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৰিছে আগজাননী। অৰুণাচলত Snowfallৰো আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। বিগত কেইবাদিন ধৰি অসমত বিশেষকৈ গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ভিন্ন অঞ্চলত ঘন কুঁৱলী পৰা দেখিবলৈ পোৱা গৈছে। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। আগন্তুক কেইদিনমানলৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজ্যত ঘন কুঁৱলী অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা ব্যক্ত কৰিছে। এই পৰিস্থিতিত শীতৰ প্ৰকোপৰ পৰা শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি বিদ্যালয় বন্ধ ৰাখাৰ সিদ্ধান্ত লয় প্ৰশাসনে। শীতৰ প্ৰকোপৰ বাবেই অসমত বিদ্যালয় বন্ধ ৰখাৰ সময়সীমা বৃদ্ধি কৰিছে প্ৰশাসনে। নলবাৰীত আজিৰে পৰা ১০ জানুৱাৰীলৈ বিদ্যালয় বন্ধ ঘোষণা কৰিছে। BTCতো আজিৰ দিনটোলৈকে বন্ধ চৰকাৰী, ব্যক্তিগত সকলো বিদ্যালয়। অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহ’ব এই বন্ধৰ নিৰ্দেশনা। ইফালে কেইবাখনো জিলাত পুৱা ১০ বজালৈ সলনি বিদ্যালয় খোলাৰ সময়। Also Read: বিষয়- ৩ গগৈ। উপাধিকলৈ অসমত ৰাজনীতি নহয়- মুখ্যমন্ত্ৰীপ্ৰচণ্ড শীতৰ বাবে দৰঙতো বিদ্যালয়সমূহৰ সময়সূচী সালসলনি কৰিছে প্ৰশাসনে৷ পুৱা ৯ বজাৰ পৰিৱৰ্তে ১০ বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহত পাঠদান৷ দৰং জিলা প্ৰশাসনে নতুন সময়সূচীৰে জাৰি কৰিছে নিৰ্দেশনা। AdvertismentAdvertisment Read the Next Article