Assameseনিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক আৰিমত্ত পুখুৰী!নিশ্চিহ্ন হোৱাৰ দিশে শুৱালকুছিত থকা ঐতিহাসিক আৰিমত্ত পুখুৰী! শুৱালকুছিৰ ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো সম্প্ৰতি ডাষ্টবিনলৈ পৰ্যৱসিত হৈছে। বস্ত্ৰ নগৰী শুৱালকুছিত থকা বুৰঞ্জী সমল আৰিমত্ত পুখুৰী এতিয়া অস্তিত্বৰ সংকটত।Jyotiprasad Sarma Jan 06, 2026 13:56 ISTনিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক আৰিমত্ত পুখুৰী! Photograph: (DY365)নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক আৰিমত্ত পুখুৰী!নিশ্চিহ্ন হোৱাৰ দিশে শুৱালকুছিত থকা ঐতিহাসিক আৰিমত্ত পুখুৰী! শুৱালকুছিৰ ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো সম্প্ৰতি ডাষ্টবিনলৈ পৰ্যৱসিত হৈছে। বস্ত্ৰ নগৰী শুৱালকুছিত থকা বুৰঞ্জী সমল আৰিমত্ত পুখুৰী এতিয়া অস্তিত্বৰ সংকটত।AdvertismentALso Read: আগন্তুক ৫ দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীত!উপযুক্ত সংৰক্ষণৰ অভাৱত আৱৰ্জনাস্থলীত পৰিণত হৈছে শুৱালকুছিস্থিত ঐতিহাসিক আৰিমত্ত পুখুৰী। কামৰূপ বুৰঞ্জীৰ ইতিহাসৰ সমল সমূহৰ ভিতৰত অন্যতম শুৱালকুছিস্থিত আৰিমত্ত ৰজাৰ দিনত খন্দা এই পুখুৰীটো। প্ৰায় ১২০০ ৰ পৰা ১৩০০ শতিকাত এই পুখুৰী দৰঙী ৰজা আৰিমত্তই প্ৰজাৰ হিতৰ বাবে খন্দাইছিল। বুৰঞ্জী প্ৰসিদ্ধ এই পুখুৰীটোৰ চৌহদ বৰ্তমান লেতেৰা, আৱৰ্জনাৰে ভৰি পৰিছে। উপযুক্ত সংৰক্ষণৰ অভাৱত পুখুৰীটোৰ চৌদিশে হাবি- জংঘলে আৱৰি ধৰিছে। পুখুৰীটোৰ চৌদিশে জাৱৰ-জোথৰৰ দ’ম। এই জাৱৰ-জোথৰৰ দ'মৰ পৰা ওলোৱা বেয়া গোন্ধে পৰিৱেশ বিনষ্ট কৰি পেলাইছে। পুতিগন্ধময় পৰিৱেশৰ বাবে পুখুৰীটোৰ পাৰৰ যি সৌন্দৰ্য আছিল সেয়া হেৰাই গৈছে। দুৰ্গন্ধময় পৰিৱেশৰ বাবে সমগ্ৰ অঞ্চলটো অস্বাস্থ্যকৰ হৈ পৰিছে এতিয়া। Also Read: বিজেপিৰ দেৱাল লিখন অভিযানএটা সময়ত পদুম ফুল, বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ-কাছৰ বাসস্থলী আছিল এই ৰজাদিনীয়া পুখুৰীটো। পুখুৰীটোৰ চৌদিশে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া সেই পৰিৱেশ নাই। চৌদিশে হাবি-জংঘল, আৱৰ্জনাৰে ভৰি পৰিছে। নিশা হ'লেই সুৰাপায়ী আৰু অসামাজিক কাম-কাজৰ আড্ডাস্থলীলৈ পৰিণত হোৱাৰ অভিযোগ এই অঞ্চলটো। হাবি-জংঘলে আৱৰি থকা বাবে সাধাৰণ মানুহৰ আহ-যাহ নোহোৱা হৈছে পুখুৰীটোৰ পাৰলৈ। পৰ্যটকৰ আকৰ্ষণৰ সম্ভৱাপূৰ্ণ এই ৰজাদিনীয়া পুখুৰীটো সৌন্দৰ্যবৰ্ধনৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰায় ৬০ লাখৰো অধিক ধন খৰচ কৰি ন-ৰূপ দিয়া হৈছিল। পিছে বৰ্তমান সংৰক্ষণৰ অভাৱত ডাষ্টবিনলৈ পৰিণত হৈছে বুৰঞ্জী প্ৰসিদ্ধ এই আৰিমত্ত পুখুৰীটো। ৰজাদিনীয়া এই পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা ল’বলৈ শুৱালকুছিৰ একাংশ সচেতন মহলৰ লগতে দল-সংগঠনে চৰকাৰক আহ্বান জনাইছে। AdvertismentAdvertisment Read the Next Article