Advertisment

বিজেপিৰ দেৱাল লিখন অভিযান

২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে বিজেপি। দেৱাল লিখনেৰে প্ৰচাৰ আৰম্ভ কৰিলে বিজেপিয়ে। সোমবাৰে খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দেৱাল লিখন অভিযানৰ। 

 বিজেপিৰ দেৱাল লিখন অভিযান Photograph: (DY365)
বিজেপিৰ দেৱাল লিখন অভিযান Photograph: (DY365)

বিজেপিৰ দেৱাল লিখন অভিযান


শুভাৰম্ভণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে বিজেপি। ৰাজ্যজুৰি আৰম্ভ গেৰুৱা দলটোৰ প্ৰচাৰ অভিযান। দেৱাল লিখনেৰে প্ৰচাৰ আৰম্ভ কৰিলে বিজেপিয়ে। সোমবাৰে খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে দেৱাল লিখন অভিযানৰ। 

Advertisment

Also Read: প্ৰচণ্ড শীতে কঁপাব পাৰে ৰাজ্য, ২২খন জিলাত য়েল্ল' এলাৰ্ট জাৰি

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি দল। আনুষ্ঠানিকভাৱে আৰম্ভ ৰাজ্যিক বিজেপিৰ ২০২৬ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি সোমবাৰৰ পৰা শাসকীয় বিজেপি দলটোৱে আৰম্ভ কৰিলে দেৱাল লিখন অভিযান। গুৱাহাটীৰ খানাপাৰাত দেৱাল লিখনেৰে আৰম্ভ প্ৰচাৰ কাৰ্যসূচী। খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে দেৱাল লিখন কাৰ্যসূচীৰ। 

৭টা শ্ল’গানেৰে ৰাজ্যৰ সকলো প্ৰান্তত বিজেপিয়ে চলাব প্ৰচাৰ অভিযান। বিশেষ যুক্তি দাঙি ধৰি বিজেপিয়ে প্ৰস্তুত কৰিছে ৭টা বিশেষ শ্ল’গান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৱাল লিখনৰ শুভাৰম্ভণি কৰাৰ লগে লগে জিলাই জিলাই এই কাৰ্যসূচী আৰম্ভ হয়। 

Also Read: উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰ

গুৱাহাটীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতেই ধেমাজি সমষ্টিৰ গোগামুখত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আৰম্ভ কৰে দেৱাল লিখন কাৰ্যসূচীৰ। 

Also Read: মৰিগাঁৱত দুগৰাকী লোকৰ কৰুণ মৃত্যু

ইফালে বিহপুৰীয়া সমষ্টিতো বিধায়ক অমিয় কুমাৰ ভূঞাই আৰম্ভ কৰে দেৱাল লিখন কাৰ্যসূচী৷ সভ্যতা, সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, আমাৰ মাটি, আমাৰ অধিকাৰৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, মহিলা আৰ্থিক সৱলীকৰণৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, মেধা ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, বিকশিত আৰু সুৰক্ষিত আত্মনিৰ্ভৰ অসমৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰৰ শ্ল'গান দেৱালত লিখি জনজাগৰণ কাৰ্যসূচী আৰম্ভ কৰে গেৰুৱা দলটোৱে।

Advertisment
Advertisment