Assameseসংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ!'২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।Mrinmoy Talukdar Dec 05, 2025 20:14 ISTFilephotoসংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ!'২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।AdvertismentRead More- বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ'২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহ। সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। সংখ্যালঘু সমষ্টিত দলীয় শক্তি বৃদ্ধিৰ লক্ষ্য অখিল গগৈ নেতৃতাধীন ৰাইজৰ দলৰো। সংখ্যালঘু অধ্যুষিত জলেশ্বৰ সমষ্টিত সমুখসমৰত কংগ্ৰেছ আৰু ৰাইজৰ দল। সংখ্যালঘু সমষ্টিত দলীয় শক্তি বৃদ্ধিৰ লক্ষ্য অখিল গগৈ নেতৃতাধীন ৰাইজৰ দলৰ।Read More- ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰজলেশ্বৰ সমষ্টিত দৈনিক ভিন্ন দলৰ শ শ লোকে যোগদান কৰিছে ৰাইজৰ দলত। সমষ্টিটোত দিনে নিশাই ৰাইজৰ ঘৰে ঘৰে উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি। জলেশ্বৰত চলিছে ৰাইজৰ দলৰ সম্ভাব্য প্ৰাৰ্থীৰ নিৰ্বাচনী কুচকাৱাজ। ৰাইজৰ দলৰ সম্ভাব্য প্ৰাৰ্থী গোলাম বাবু কিব্ৰিয়াই গণ সমাৱেশত কৰিলে কেইবাটাও ঘোষণা। Read More- আকাশ চুলে আকাশীযানৰ টিকটে'কংগ্ৰেছ আৰু AIUDFৰ পুৰণি নেতাৰ প্ৰতি মোহভংগ হৈছে জলেশ্বৰ সমষ্টিবাসীৰ। সেয়ে কঁকালত টঙালি বান্ধি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৰাইজৰ দলৰ সাম্ভাৱ্য প্ৰাৰ্থী গোলাম বাবু কিব্ৰিয়াই। জনসভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গোলাম বাবু কিব্ৰিয়াৰ কৰিলে ডাঙৰ মন্তব্য। 'বাবু কিব্ৰিয়াই ৰাইজৰ দলৰ পৰা বিধায়ক নিৰ্বাচিত হ'লে ৰাইজৰ বাবে কি কি কাম কৰিব তাৰো দিলে প্ৰতিশ্ৰুতি। 'বিধায়ক নিৰ্বাচিত হ'লেই গোলাম বাবু কিব্ৰিয়াই নিজৰ দৰমহাৰ ধন উচৰ্গা কৰিব ৰাইজৰ বাবে'।Read More- জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতিকিন্তু 'কংগ্ৰেছ আৰু AIUDFৰ দূৰ্গ জলেশ্বৰ সমষ্টিত ৰাইজৰ দলৰ ব্যাপক তৎপৰতাৰ পিছতে এতিয়া প্ৰশ্ন হৈছে, চিপৰাং মৰাৰ ৰাজনীতি কৰিছে নেকি ৰাইজৰ দলে? কাৰণ এফালে মিত্ৰতা আৰু আনফালে সংখ্যালঘু সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈ নেতৃতাধীন ৰাইজৰ দলৰ । জলেশ্বৰ সমষ্টি দখল কৰিবলৈ দিনে নিশাই ৰাইজৰ ঘৰে ঘৰে ৰাইজৰ দলৰ প্ৰতিনিধি । কঁকালত টঙালি বান্ধি প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৰাইজৰ দলৰ নেতা গোলাম বাবু কিব্ৰিয়াই ।AdvertismentAdvertisment Read the Next Article