Advertisment

বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ

চামগুৰিৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিল বুলড’জাৰ প্ৰশাসনৰ। অংগনৱাড়ী কেন্দ্ৰ–চৰকাৰী বিদ্যালয় সকলো চূৰমাৰ বুলড’জাৰত। ঘৰখন ভাঙি চূৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। আশ্ৰয়ৰ বাবে অলপ মাটি বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদিতৰ।

 Filephoto
Filephoto

বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ
উচ্ছেদিতৰ মাজত হাহাকাৰ

চামগুৰিৰ ভকতগাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। ৩৮ বিঘা ভূমিত চলিল বুলড’জাৰ প্ৰশাসনৰ। অংগনৱাড়ী কেন্দ্ৰ–চৰকাৰী বিদ্যালয় সকলো চূৰমাৰ বুলড’জাৰত। ঘৰখন ভাঙি চূৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। আশ্ৰয়ৰ বাবে অলপ মাটি বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদিতৰ।

Advertisment

Read More- কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ।

Read More- ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি

মধ্য অসমত আজি পুনৰ চলিল উচ্ছেদ। বুলড’জাৰেৰে এফালৰ পৰা ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ।  দয়া নাই ক্ষমা নাই নীতিৰে আজি মধ্য অসমত চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান।  ঘৰ ভঙাৰ পাছতেই উচ্ছেদিতৰ মাজত হাহাকাৰ।

Read More- অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম

নিজৰ ঘৰখনত বুলড’জাৰ চলা দেখি কান্দোনত ভাঙি পৰিছে বেদখলকাৰী। কান্দি কান্দি উচ্ছেদিতই ক'লে- আমাৰ ঘৰখন ভাঙি দিলে। আমি এতিয়া ক'ত থাকিম। আমাৰ এতিয়া থাকিবলৈ ঠাই নাই, তাতকৈ আমাক মাৰি পেলাওক। মোৰ সৰু ছোৱালী আছে, ছোৱালীটোক লৈ মই ক'লৈ যাম। মোৰ বয়স এতিয়া ৫২ বছৰ। ইয়াতেই মই ৩ বছৰ ধৰি আছো। মোৰ ঘৰখন ভাঙি দিলে, এতিয়া মই ক'লৈ যাম। চৰকাৰলৈ আহ্বান জনাইছো, মোক ইয়াতে অলপ মাটি দিয়ক। মোক আৰু একো নালাগে। এনেদৰেই এতিয়া উচ্ছেদিতই মুখ্যমন্ত্ৰীলৈ জনাইছে কাতৰ অনুৰোধ।

Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইন

Advertisment
Advertisment