Advertisment

আজিও অশান্ত নেপাল, অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰিছে ছিকিমক

নেপালৰ ৰক্তক্ষয়ী সংঘাতৰ ভয়াৱহতা দেখি একাংশ নেপালী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতত। অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰা ছিকিমে নেপাল সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰিছে তহল আৰু তালাচী।

 File Photo
File Photo

আজিও অশান্ত নেপাল। সান্ধ্য আইনৰ কৱলত থকা দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেনাই। GEN-Zৰ বিদ্ৰোহৰ পৰা গণঅভ্যুত্থানৰ সূচনা হোৱা নেপালত এতিয়া কোনো চৰকাৰ নাই। হিংসাত্মক বিক্ষোভৰ সমুখীন হৈ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সকলো মুৰব্বীয়ে পদত্যাগ কৰাৰ পিছত সেনাৰ হাতত আছে এতিয়া ক্ষমতা। অন্তৰ্ৱতী চৰকাৰ গঠন নোহোৱাপৰ্যন্ত সেনাৰ শাসন অব্যাহত থাকিব চুবুৰীয়া দেশখনত।

Advertisment

ইয়াৰ মাজতে ৰক্তক্ষয়ী সংঘাতৰ ভয়াৱহতা দেখি একাংশ নেপালী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতত। ইতিমধ্যে উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ছিকিমৰ সীমান্তৱৰ্তী অঞ্চলসমূহত সষ্টম কৰি ৰখা হৈছে নিৰাপত্তাবাহিনী। ইয়াৰ মাজতো অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰিছে ছিকিমক। পূৰ্বৰ অভিজ্ঞাতালৈ চাই নেপালৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ তৎপৰ হৈছে ছিকিম চৰকাৰ। নেপাল সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত তহল আৰু তালাচীৰ নিৰ্দেশ দিয়া হৈছে ছিকিম আৰক্ষীক। বিশেষকৈ চোৰেং আৰু গ্যায়লছিং জিলাত SSBৰ সৈতে যৌথ তহলৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক। ৰাংপো, মেলী, ৰেছী আৰু কেইবাটাও চেকপোষ্টকলৈ জাৰি কৰা হৈছে এলাৰ্ট। সকলো বাহন তন্নতন্নকৈ তালাচীৰ বাবেও নিৰ্দেশ দিয়া হৈছে আৰক্ষীক।

কাৰ্যত অনুপ্ৰৱেশ ৰোধৰ বাবে ছিকিম সীমান্তত ব্যাপক বেষ্টনী গঢ়ি তোলা হৈছে। চুবুৰীয়া দেশখনৰ পৰিস্থিতি স্বাভাৱিক নোহোৱাপৰ্যন্ত আৰু চৰকাৰৰ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে সীমান্তত চোকা নজৰ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ছিকিম আৰক্ষীক। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমসিং টামাঙে বুধবাৰে ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে।