Advertisment

উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যত পৰিল প্ৰশাসনৰ হাতোৰা। কিন্তু উচ্ছেদৰ মাজতেই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। 

 File Photo
File Photo

উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰ

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যত পৰিল প্ৰশাসনৰ হাতোৰা। কিন্তু উচ্ছেদৰ মাজতেই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। 

Advertisment

 Read More- বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ ৰক্ষা নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ। এইবাৰ তেজপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যত চলিল প্ৰশাসন বুলড’জাৰ। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত পৰিল প্ৰশাসনৰ হাতোৰা।

Read More- বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰ

তেজপুৰৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত 'ক্ষতিপূৰণমূলক বনানীকৰণ'ৰ বাবে আৱণ্টন দিয়া হৈছিল ৬,২০০ বিঘা ভূমি। কিন্তু এই ভূমিৰ এটা বৃহৎ অংশত বেদখলকাৰীয়ে ঘৰদুৱাৰ সাজি খেতি-বাতি কৰি দখল কৰিছিল। এই বেখলকৃত ভূমিতেই আজি পুৱাৰে পৰা উচ্ছেদ চলাইছে শোণিতপুৰ জিলা প্ৰশাসনে।

Read More- অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীসকলৰ বিৰুদ্ধে হুংকাৰ দিছিল। অবৈধ বেদখলকাৰীসকলক সকীয়াই দি মুখ্যমন্ত্ৰীয়ে কৈছিল- যিকোনো মূল্যৰ বিনিময়ত চৰকাৰী ভূমি দখল কৰা বেদখলকাৰী সকলৰ পৰা ভূমি বেখলমুক্ত কৰা হ'ব। তাৰ পাছতেই উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰশাসনৰ এক্সন।

Read More- ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰী

বুঢ়াচাপৰি অভয়াৰণ্যৰ চলি থকা উচ্ছেদৰ মাজতেই উচ্ছেদ স্থলীত দেখিবলৈ পোৱা গৈছে উত্তেজনা। একাংশ বেদখলকাৰীয়ে সংবাদ মাধ্যমকো আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগতে আৰক্ষীৰ সৈতেও তৰ্ক যুদ্ধ লিপ্ত হৈছে বেদখলকাৰী। বুঢ়াচাপৰি অভয়াৰণ্যৰ বাঘেটাপু, জামুকতল, আৰিমাৰী চ’কত চলিছে এই  উচ্ছেদ অভিযান। 

Read More- ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম

আনহাতে উচ্ছেদৰ মাজতেই উচ্ছেদিতই ক'লে- 'আমাৰ অন্য ঠাইত মাটি-বাৰী নাই। আমাৰ জন্ম ইয়াতেই।  আমি ৬০-৭০ বছৰ ধৰি ইয়াতে আছো। আমি জানো এয়া চৰকাৰী মাটি কিন্তু যিহেতু আমাৰ অন্য ঠাইত মাটি নাই, সেয়ে আমি ইয়াতে আছিলো। বিজেপি চৰকাৰৰ বিৰুদ্ধেও ক্ষওভ উজাৰিলে এইসকল অবৈধ বেদখলকাৰীয়ে'।

Advertisment
Advertisment