Assameseমৰিগাঁৱত দুগৰাকী লোকৰ কৰুণ মৃত্যুমৰিগাঁৱৰ ধৰমতুলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় দুগাৰীকৈ লোক। ধৰমতুল থানাৰ অন্তৰ্গত উত্তৰ খোলা মৌজাৰ বেলতলা বৰগোপ গাঁৱত নিশা বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।Jyotiprasad Sarma Jan 05, 2026 11:08 ISTমৰিগাঁৱত দুগৰাকী লোকৰ কৰুণ মৃত্যু Photograph: (DY365)মৰিগাঁৱত দুগৰাকী লোকৰ কৰুণ মৃত্যুমৰিগাঁৱৰ ধৰমতুলত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় দুগাৰীকৈ লোক। ধৰমতুল থানাৰ অন্তৰ্গত উত্তৰ খোলা মৌজাৰ বেলতলা বৰগোপ গাঁৱত নিশা বনৰীয়া হাতীৰ আক্ৰমণত দুগৰাকী লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।AdvertismentAlso Read: পুৱতি নিশা কঁপি উঠিল ধৰিত্ৰী। ৫.১ প্ৰাবল্যই জোকাৰি গ'ল ৰাজ্যখবৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ৭:৩০ বজাত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে হঠাতে বৰগোপ গাঁৱত প্ৰৱেশ কৰে। গাঁওখনত প্ৰৱেশ কৰি হাতীটোৱে আৰম্ভ কৰে উপদ্ৰৱ। বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় সৰলা সৰকাৰ নামৰ এগৰাকী মহিলা। ততাতৈয়াকৈ সৰলা সৰকাৰক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ত চিকিৎসকে বৃদ্ধা মহিলা সৰলা সৰকাৰক মৃত ঘোষণা কৰে। হাতীয়ে মহিলাগৰাকীৰৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আন কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি তচ-নচ কৰে। ইয়াৰ পাছতে অশ্বিনী বিশ্বাস নামৰ এজন লোককো আক্ৰমণ কৰে হাতীয়ে। উপদ্ৰৱ চলাই থকা হাতীটোৱে অশ্বিনী বিশ্বাসক ঘৰৰ পৰা টানি আনি পুখুৰীত পেলাই দিয়ে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অশ্বিনী বিশ্বাসক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।Also Read: 'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত হাতীটো প্ৰৱেশ কৰাৰ লগে লগে তীব্ৰ আতংকৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি। ইফালে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ অঞ্চলবাসীৰ। হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ। আনহাতে নগাঁৱৰ কলিয়াবৰত বন্যহস্তীৰ বিচৰণৰ শিহৰণকাৰী দৃশ্য বন্দী হ'ল CCTVত। কলিয়াবৰৰ সোণাৰি গাঁৱৰ এঘৰত পুৱতি নিশা সোমাল বনৰীয়া হাতী। হেমকান্ত হাজৰিকা নামৰ লোকজনৰ বাসগৃহত পুৱতি নিশা হাতীৰ বিচৰণ। লোহাৰ গে’ট খুলি চৌহদত প্ৰৱেশ কৰে বনৰীয়া হাতীয়ে। ঘৰৰ চৌহদত খাদ্যৰ সন্ধানত চলালে উপদ্ৰৱ। পুৱতি নিশা প্ৰায় ৩.৫৫ বজাত হাতীটোৱে প্ৰৱেশ কৰে চৌহদত। কলিয়াবৰত শেহতীয়াকৈ প্ৰতিদিনে সংঘটিত হৈ আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত শিলঘাট, কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহে বনৰীয়া হাতী। AdvertismentAdvertisment Read the Next Article