Assameseপুৱতি নিশা কঁপি উঠিল ধৰিত্ৰী। ৫.১ প্ৰাবল্যই জোকাৰি গ'ল ৰাজ্যনৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। সোমবাৰে পুৱতি নিশা ৪.১৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology)এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।Jyotiprasad Sarma Jan 05, 2026 09:36 ISTপুৱতি নিশা কঁপি উঠিল ধৰিত্ৰী। ৫.১ প্ৰাবল্যই জোকাৰি গ'ল ৰাজ্য Photograph: (DY365)পুৱতি নিশা কঁপি উঠিল ধৰিত্ৰীকিয় সঘনে কঁপিছে অসম?নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। সোমবাৰে পুৱতি নিশা ৪.১৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology)এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।AdvertismentAlso Read: বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!ৰাজ্যত ভয়ংকৰ ভূমিকম্প। নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত প্ৰৱল ভূমিকম্পৰ জোকাৰণি। সোমবাৰে পুৱতি নিশা ৪.১৭ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology)এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ নিলগত। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশ ভূটানতো অনুভূত হয় ভূমিকম্পৰ কম্পন। ৰাজ্যত পুৱতি নিশা অহা ভূমিকম্পৰ জোকাৰণিয়ে সকলোকে আতংকিত কৰি তোলে। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো বিশেষ ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই।Also Read: বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰইফালে পুৱতি নিশা হোৱা ভয়ংকৰ ভূমিকম্পৰ ফলত মৰিগাঁৱত দুগৰাকী লোক আহত হয়। ভূমিকম্পৰ সময়ত দৌৰাদৌৰি কৰোঁতে আহত হয় লোক দুগৰাকী। আহত লোক দুগৰাকীক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। আহত হয় মৰিগাঁও নগৰৰ নীৰজ কুমাৰ আৰু ন-দলবৰিৰ জয়মতী দেউৰী। আহত দুয়োগৰাকীয়ে মূৰত আঘাত পাই। জয়মতী দেউৰীৰ মূৰত পৰিছে ১০টাকৈ চিলাই। আনহাতে পুৱতি নিশা অহা ভয়ংকৰ ভূমিকম্পৰ ফলত নগাঁৱৰ চামগুৰিত ক্ষতিসাধন হোৱাৰ খবৰ পোহৰলৈ। চামগুৰিৰ বৰালিগাঁৱৰ চাবিৰ আহমেদৰ বাসগৃহৰ দেৱালয় খহি পৰে ভূমিকম্পৰ জোকাৰণিৰ ফলত। AdvertismentAdvertisment Read the Next Article