Assameseআজি ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিনআজি ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিন। ন উদ্যম ন প্ৰত্যাশাৰে নতুন বছৰৰ আৰম্ভণি। সকলোৰে কুশল-মংগল কামনা কৰি পূজা-অৰ্চনা। পুৱাৰে পৰা নামঘৰ-মন্দিৰত ভিৰ অজস্ৰজনৰ। Jyotiprasad Sarma Jan 01, 2026 17:39 ISTন আশা, ন প্ৰত্যাশাৰে নৱবৰ্ষৰ আৰম্ভণি Photograph: (DY365)আজি ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিনন আশা, ন প্ৰত্যাশাৰে নৱবৰ্ষৰ আৰম্ভণিআজি ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিন। ন উদ্যম ন প্ৰত্যাশাৰে নতুন বছৰৰ আৰম্ভণি। সকলোৰে কুশল-মংগল কামনা কৰি পূজা-অৰ্চনা। পুৱাৰে পৰা নামঘৰ-মন্দিৰত ভিৰ অজস্ৰজনৰ। Advertismentআজি ২০২৬ বৰ্ষৰ পহিলা জানুৱাৰী। আশা-প্ৰত্যাশাৰে আৰম্ভ হ'ল আৰু এটা নতুন বছৰ। ইংৰাজী নৱবৰ্ষ প্ৰথম দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত নতুন বছৰ উদযাপন কৰাৰ উৎসাহ-উদ্দীপনাই বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল। Also Raed: বছৰৰ প্ৰথম দিনটোত ভাল খবৰ!নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল মংগল কামনা কৰি ভগৱানৰ আশিস ল’বলৈ আজি পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত থকা ধৰ্মীয় স্থানসমূহত অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হ'ল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ। পুৱাৰে পৰা মঠ-মন্দিৰত লানি নিছিগা শাৰী। ২০২৬ত সুখ-শান্তিৰ কামনাৰে নেদেখাজনৰ ওচৰত পূজা-অৰ্চনা অজস্ৰজনৰ। নতুন বছৰত মনতে লৈছে নতুন সংকল্প। সকলোৱে কুশল মংগল কামনা কৰি নামঘৰ-মন্দিৰত কৰিছে প্ৰাৰ্থনা। Also Read: বেয়া খবৰ, আজি নাপাব সামগ্ৰীৰ অনলাইন ডেলিভাৰী!ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা গ'ল। বিশ্বাস আৰু আশালৈ দেবাদিদেৱ মহাদেৱৰ আৰ্শীবাদ বিচাৰি ছাত্ৰ-ছাত্ৰী, নৱ বিবাহিতা দম্পতী, ডেকা-বুঢ়া, গাভৰুৰ দীঘলীয়া শাৰী পতা দেখা গ'ল।ইফালে, পৰিয়াল-বন্ধুবৰ্গৰে লগে ভাগে এসাঁজ খোৱাৰ বাবে বনভোজস্থলীসমূতো ভিৰ দেখা গ'ল আজি। পৰ্যটনস্থলীসমূহলৈ পুৱাই নতুন বছৰৰ আনন্দ ল’বলৈ ওলাই আহিল ৰাইজ। নতুন বছৰক আদৰি এসাঁজ তৃপ্তিৰে খাবলৈ পুৱাই ভিৰ কৰিছেহি বিভিন্নজনে। উদুলি মুদুলি হৈ পৰিল বনভোজস্থলীসমূহ। চৌদিশে দেখিবলৈ পোৱা গ'ল আনন্দ-উল্লাহ। Also Read: সাৱধান!ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষীভাৰত-ভূটান সীমান্তৰ মানাহ চৌকীতো দেখা গৈছে দূৰ-দূৰণিৰ পৰা অহা বনভোজকাৰীৰ দল। নতুন বছৰৰ আৰম্ভণিৰ দিনটোত সকলোৱে এসাঁজ লগে ভাগে খোৱাৰ মানসেৰে মানাহ চৌকীৰ বনভোজস্থলীত লোকে লোকাৰণ্য পৰিৱেশ। ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে সময় কটোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিল বনভোজকাৰী দল৷ ভূটান পাহাৰৰ সেউজ পৰিৱেশ, নদীৰ কুলু কুলু শব্দ, বিশাল শিলৰ মাজত সকলোৱে যেন নাচি-বাগি আত্মহাৰা হৈ পৰিল৷ AdvertismentAdvertisment Read the Next Article