Assameseৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, চাৰি দিনত ৩জনৰ কৰুণ মৃত্যুৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। হোজাইত পুনৰ বন্যহস্তীৰ গচকত প্ৰাণ গ'ল এজন লোকৰ। বছৰটোৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ ৩ জনৰ কৰুণ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ উপদ্ৰৱত আতংকিত ৰাইজ। Jyotiprasad Sarma Jan 04, 2026 11:21 ISTৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, চাৰি দিনত ৩জনৰ কৰুণ মৃত্যু Photograph: (DY365)ৰাজ্যত হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপবিগত চাৰি দিনত ৩জনৰ কৰুণ মৃত্যুৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। হাতী-মানুহৰ সংঘাত এক দীৰ্ঘদিনীয়া সমস্যা। এতিয়ালৈকে এই সমস্যা সামাধানৰ বাবে ওলোৱা নাই কোনো স্থায়ী সমাধান। প্ৰতিদিনে পোহৰলৈ আহে হাতী-মানুহৰ সংঘাতৰ ন ন খবৰ। হাতী-মানুহৰ সংঘাতৰ খবৰে নিতৌ দখল কৰে বাতৰিৰ শিৰোণাম। ক'ৰবাত যদি বনৰীয়া হাতীৰ আক্ৰমণত কোনোৱে কৰুণ মৃত্যক আঁকোৱালি ল'ব লগা হৈছে, আন ক'ৰবাত বন্যহস্তীৰ জাকে আপোন ঘৰখন ভাঙিছে, আন ক'ৰবাত আকৌ হাতীৰ জাকে খাই তহিলং কৰিছে খেতিয়কৰ খতিডৰা।AdvertismentAlso Read: ভেনিজুৱেলাত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণহোজাইত পুনৰ বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন লোকৰ। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল প্ৰভাস বিশ্বাস নামৰ লোকজনৰ। প্ৰভাশ বিশ্বাসে নিজ গৃহৰ পৰা ওলাই যাওতে হাতীৰ গচকত কৰুণ মৃত্যুক আঁকোৱালি ল'বলগা হয়। যোৱা নিশা হোজাইৰ ৰাধানগৰত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছিল এটা বন্যহস্তীৰ জাকে। এই বন্যহস্তীৰ জাকৰ গচকতে মৃত্যু হয় প্ৰভাশ বিশ্বাসৰ। ঘটনাস্থলীত হোজাই বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, বছৰটোৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ ৩ জনৰ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত। নিশা হ’লেই অঞ্চলটোত উপদ্ৰৱ চলায় বনৰীয়া হাতীয়ে। হাতীজাক খেদি পঠিয়াবলৈ ব্যৰ্থ বন বিভাগ। যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ। Also Read: আদালতত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গগোৱালপাৰাতো হাতী-মানুহৰ সংঘাতে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ৷ নিশাৰ ভাগত গ্ৰামাঞ্চলত হাতীৰ জাক প্ৰৱেশ কৰি মানুহৰ ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰাৰ লগতে ধান-চাউল খাই তহিলং কৰে৷ নিশা ৰংজুলি দুধনৈৰ বৰগুমত নিতালচন ৰাভাৰ দুটাকৈ বাসগৃহ লণ্ড-ভণ্ড কৰি ঘৰৰ ভিতৰত থকা প্ৰায় ৪৫মোন ধান খাই শেষ কৰাৰ লগতে একে গাঁৱৰে মানৱ দৈমাৰীৰ দুটাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰে বনৰীয়া হাতীয়ে! গাঁওখনৰ ৰাজীৱ হাজোৱাৰীৰো দুটা বাসগৃহ লণ্ড-ভণ্ড কৰে হাতীয়ে৷ নিশা হাতীৰ জাকটোৱে সন্ত্ৰাস চলোৱাৰ সময়ত গৃহস্থই কোনোমতেহে প্ৰাণৰক্ষা কৰে৷ নিতালচন ৰাভা, ৰাজীৱ হাজোৱাৰী আৰু মানৱ দৈমাৰীৰ বাসগৃহত উপদ্ৰৱ চলোৱা সময়ত পৰিয়ালৰ লোক সকলে কোনোমতে পলায়ন কৰি প্ৰাণৰক্ষা কৰে৷ নিশাই বনবিভাগৰ লোক আহি গুলীচালনা কৰিহে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়৷ বৰ্তমান এই প্ৰচণ্ড শীতত পৰিয়াল তিনিটা গৃহহীন হোৱাৰ উপৰি অনাহাৰে থাকিবলগীয়া কৰুণ অৱস্থাৰ সৃষ্টি হৈছে৷AdvertismentAdvertisment Read the Next Article