Assameseভেনিজুৱেলাত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণদক্ষিণ আমেৰিকাৰ তৈল চহকী দেশ ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। মাৰ্কিন বাহিনীয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেচক বন্দী কৰি লৈ যায়। Jyotiprasad Sarma Jan 04, 2026 10:07 ISTভেনিজুৱেলাত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ Photograph: (DY365)ভেনিজুৱেলাত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণৰাষ্ট্ৰপতি নিকোলাছ মাদুৰক বন্দীদক্ষিণ আমেৰিকাৰ তৈল চহকী দেশ ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। মাৰ্কিন বাহিনীয়ে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেচক বন্দী কৰি লৈ যায়। AdvertismentAlso Read: কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছসহ বিভিন্ন স্থানত আমেৰিকাৰ ভয়ংকৰ সামৰিক আক্ৰমণ। স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশা ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত এয়াৰ ষ্ট্ৰাইক ডেল্টা ফ’ৰ্চৰ। বোমা বৰ্ষণত ৭ বাৰকৈ কঁপি উঠে ভেনিজুৱেলাৰ ৰাজধানী চহৰ কাৰাকাছ। আক্ৰমণৰ মাজতে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক পত্নীসহ বন্দী কৰাৰ খবৰ পোহৰলৈ। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লোৰেচক বন্দী কৰি লৈ যায় আমেৰিকালৈ। Also Read: টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!শোৱাপাটীৰ পৰা আমেৰিকাই বন্দী কৰে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক। নিকোলাছ মাদুৰো আৰু পত্নী চিলিয়া ফ্লৰেছক বন্দী কৰিলে আমেৰিকাই। ভেনিজুৱেলাত চলা ৰুদ্ধশ্বাস‘ অপাৰেশ্যন’ৰ বৰ্ণনা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়- ভেনিজুৱেলাৰ ৰাজধানী চহৰ কাৰাকাছত বিদ্যুৎ সংযোগ কৰ্তন কৰি দিছিল আমেৰিকাই। গভীৰ নিশা নিশ্ছিদ্র নিৰাপত্তাৰে ঘেৰা প্ৰাসাদৰ পৰা বন্দী হৈছে সপত্নীক ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি। ফ্ল’ৰিডাৰ মাৰ-আ-লাগোত সাংবাদমেলত এইদৰে জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। ভেনিজুৱেলাত এতিয়া যি হ’ব সেয়া আমেৰিকাৰ মতে হ’ব বুলি ঘোষণা ড'নাল্ড ট্ৰাম্পৰ। ভেনিজুৱেলাৰ প্ৰশাসনে অৱশ্যে স্বীকাৰ কৰা নাই ট্ৰাম্পৰ দাবী। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে নাৰ্কো টেৰৰিজিমৰ অভিযোগ মাৰ্কিন প্ৰেছিডেণ্ট ড'নাল্ড ট্ৰাম্পৰ। আমেৰিকাত মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লৰেছৰ বিৰুদ্ধে চলিব বিচাৰ। আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ পাছতে ভেনিজুৱেলাত মোতায়েন কৰা হৈছে সামৰিক বাহিনী। ভেনিজুৱেলাৰ শাসনৰ পৰা মাদুৰোক আঁতৰোৱাৰ দীৰ্ঘদিনীয়া চেষ্টা ড'নাল্ড ট্ৰাম্পৰ। Also Read: অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ২০১৩ চনৰ পৰা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হৈ আছে নিকোলাছ মাদুৰো। মাদুৰোৰ বিৰুদ্ধে নাৰ্কো-ষ্টেট চলাই থকাৰ অভিযোগ ট্ৰাম্পৰ। বিগত বৰ্ষৰ নিৰ্বাচনতো মাদুৰোৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ উত্থাপন হৈছিল। নিকোলাছ মাদুৰোৰ জয়লাভক স্বীকৃতি দিয়া নাছিল ট্ৰাম্প প্ৰশাসনে। চীন, ৰাছিয়া, উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক আছিল মাদুৰোৰ। দেশখনৰ বৈদেশিক নীতি পছন্দৰ নাছিল ড'নাল্ড ট্ৰাম্পৰ বাবে। যাৰ বাবে আমেৰিকাই বিচাৰিছিল ভেনিজুৱেলাৰ ওপৰত একক নিয়ন্ত্ৰণ। কাৰণ দক্ষিণ আমেৰিকাৰ তেল উত্পাদনকাৰী দেশ ভেনিজুৱেলা। ৰাষ্ট্ৰপতি মাদুৰোক আঁতৰাই মাৰিয়া কৰিনা মাছাদোক ৰাষ্ট্ৰপতি পতাৰ চেষ্টা ট্ৰাম্পৰ। মাছাদো শান্তিৰ ন’বেল বঁটা বিজয়ী তথা উদাৰপন্থী নেত্ৰী। আমেৰিকাৰ সৈতেও মাছাদোৰ আছে সু-সম্পৰ্ক। AdvertismentAdvertisment Read the Next Article