Advertisment

গৰুভাষা আৰক্ষী চকীত উত্তেজনা

চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীত উত্তেজনাময় পৰিস্থিতি। কোনো দুৰ্বৃত্তই এজন আদিবাসী যুৱকক কৰা আক্ৰমণৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল শ শ লোক। অপৰাধীক কৰায়ত্বৰ দাবীত আৰক্ষী চকী ঘেৰাও ৰাইজৰ।

 গৰুভাষা আৰক্ষী চকীত উত্তেজনা Photograph: (DY365)
গৰুভাষা আৰক্ষী চকীত উত্তেজনা Photograph: (DY365)

গৰুভাষা আৰক্ষী চকীত উত্তেজনা

চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীত উত্তেজনাময় পৰিস্থিতি। কোনো দুৰ্বৃত্তই এজন আদিবাসী যুৱকক কৰা আক্ৰমণৰ ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল শ শ লোক। অপৰাধীক কৰায়ত্বৰ দাবীত আৰক্ষী চকী ঘেৰাও ৰাইজৰ। 

Advertisment

চিৰাঙৰ গৰুভাষা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। এগৰাকী আদিবাসী যুৱকক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল শ শ লোক। অপৰাধীক কৰায়ত্ব কৰাৰ দাবীৰে আৰক্ষী চকী ঘেৰাও কৰে ৰাইজে। আৰক্ষীৰে খণ্ড যুদ্ধত লিপ্ত হয় একাংশ ক্ষোভিত পুৰুষ-মহিলা। আৰক্ষীৰ বাধা অতিক্ৰমী আৰক্ষী চকীত প্ৰৱেশৰ চেষ্টা একাংশ উত্তেজিত ৰাইজৰ। 

Also Read: কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি?

উল্লেখযোগ্য যে, দেওবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত গৰুভাষাৰ নাগদৰবাৰীত মটৰচাইকেলত অহা দুই অচিনাক্ত দুৰ্বৃত্তই এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হয়। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত ছাইমন কিস্কু নামৰ এজন আদিবাসী যুৱক গুৰুতৰভাৱে আহত হয়। আক্ৰমণ কৰিয়েই দুই দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। 

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাইমন কিস্কুক স্থানীয় লোকে উদ্ধাৰ কৰি কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

Also Read: দেশৰ ভিতৰতে দ্ৰুত বিকাশশীল ৰাজ্যত পৰিণত অসম

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আক্ৰমণকাৰীৰ অনুসন্ধান আৰম্ভ কৰে যদিও ঘটনাৰ সৈতে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী। 

উক্ত ঘটনাত জড়িত অপৰাধীক আৰক্ষীয়ে আটক কৰিব নোৱৰাৰ বাবে আজি কেইবা শতাধিক স্থানীয় পুৰুষ-মহিলাই গৰুভাষা আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। অপৰাধীক কৰায়ত্ব কৰাৰ দাবীত আৰক্ষী চকী ঘেৰাও কৰে ৰাইজে। আৰক্ষীৰ বাধা অতিক্ৰম কৰি একাংশ উত্তেজিত লোকে আৰক্ষী চকীত প্ৰৱেশৰ চেষ্টা কৰি পৰিস্থিতি উত্তেজনাময় কৰি তোলে। আৰক্ষীৰ সৈতেও খণ্ড যুদ্ধত লিপ্ত হয় একাংশ ক্ষোভিত ৰাইজ।

Advertisment
Advertisment