Assameseভাৰতক ভাবুকি ট্ৰাম্পৰ ! তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে...প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বৰ ভাল মানুহ। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো মোদীৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভেৰী গুড মেন’ বুলি আখ্যা দি ভাৰতক আকৌ শুল্ক বৃদ্ধিৰ ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে। Mrinmoy Talukdar Jan 05, 2026 14:39 ISTFile Photoভাৰতক ভাবুকি ট্ৰাম্পৰ ! তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে...প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বৰ ভাল মানুহ। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো মোদীৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভেৰী গুড মেন’ বুলি আখ্যা দি ভাৰতক আকৌ শুল্ক বৃদ্ধিৰ ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে। AdvertismentRead More- কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?এইবাৰ ভাৰতক উদ্দেশ্যি মন্তব্য় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ৰাছিয়াৰ সৈতে ভাৰতে তেলৰ ব্যৱসায় বন্ধ নকৰিলে শুল্ক বৃদ্ধিৰ ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে। ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানি সন্দৰ্ভত ট্ৰাম্পে কয়, ‘PM মোদী এজন বৰ ভাল মানুহ। তেওঁলোকে মোক সুখী কৰিব বিচাৰে। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো গুৰুত্বপূৰ্ণ আছিল। অন্যথা আমি শীঘ্ৰেই অধিক শুল্ক বৃদ্ধি কৰিব পাৰো। Read More- উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়টোক লৈ পুনৰবাৰ ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সোমবাৰে ট্ৰাম্পে মন্তব্য কৰিছে যে, যদিহে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰে তেন্তে ভাৰতীয় আমদানিৰ ওপৰত শুল্ক অধিক বৃদ্ধি হ’ব পাৰে। যোৱা বছৰৰ আগষ্ট মাহত ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ বৃহৎ শুল্ক আৰোপ কৰিছিল। তেওঁলোকে ২৫ শতাংশ শুল্কৰ কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বুলি উল্লেখ কৰিছিল। এতিয়া আৰু অধিক শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে ট্ৰাম্পে।Read More- পুৱতি নিশা কঁপি উঠিল ধৰিত্ৰী। ৫.১ প্ৰাবল্যই জোকাৰি গ'ল ৰাজ্যড’নাল্ড ট্ৰাম্পে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কথা উল্লেখ কৰি কয়, "তেওঁ এজন ভাল মানুহ। তেওঁ জানে যে আমেৰিকা আৰু মই অসুখী। মোক সন্তুষ্ট কৰাটো গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে, গতিকে আমি বিচাৰিলে অতি সোনকালেই তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰোঁ। স্পষ্টভাৱে ট্ৰাম্পে কৈছে যদি ৰাছিয়াই তেল বিষয়ত আমাক সহায় নকৰে, তেন্তে আমি ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধি কৰিব পাৰো ।Read More- আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা বাণিজ্যিক আলোচনাৰ মাজতে ড’নাল্ড ট্ৰাম্পে শুল্ক বৃদ্ধি সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ ট্ৰাম্পে দাবী কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আশ্বাস দিছে যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিব। অৱশ্যে ভাৰতে এই দাবী অস্বীকাৰ কৰিছে। তাৰ পাছতে ট্ৰাম্পে ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে।Read More- বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰউল্লেখ্য যে ড’নাল্ড ট্ৰাম্প আৰু প্ৰশাসনে বিগত বছৰৰ পৰাই ৰাছিয়াৰ তেল বিষয়ক লৈ ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি আহিছে। ড’নাল্ড ট্ৰাম্পৰ এই স্থিতিয়ে ভাৰত-আমেৰিকাৰ সম্পৰ্কতো প্ৰভাৱ পেলাইছে। দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্থবিৰ হৈ আছে। ট্ৰাম্পৰ শেহতীয়া মন্তব্যই ভাৰত আৰু আমেৰিকাৰ কূটনৈতিক সম্পৰ্কত নতুন উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।AdvertismentAdvertisment Read the Next Article