Advertisment

কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?

শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিত ৫- ৬জন কাৰ্যকৰ্তা আছে। গতিকে শিৱসাগৰত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই। বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

 File Photo
File Photo

কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?


শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিৰ ৫- ৬জন কাৰ্যকৰ্তা আছে। গতিকে শিৱসাগৰত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই। বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Advertisment

Read More- আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?

'২৬ৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ সাজু হৈছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দল। মন্ত্ৰী-বিধায়কৰ মাজত বৃদ্ধি পাইছে মুখ চুপতিও। কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰ সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল বিধায়ক অখিল গগৈয়ে। মুখ্য়মন্ত্ৰীক প্ৰত্যাহ্বাৰ জনাই অখিল গগৈয়ে কৈছিল- "হিমন্ত বিশ্ব শৰ্মাক শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম। শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে নিৰ্বাচন খেলি দেখুওৱাক। যদি হিমন্ত বিশ্ব নিৰ্বাচন খেলিবলৈ শিৱসাগৰলৈ নাহে তেন্তে পীযূষ হাজৰিকাই শিৱসাগৰৰ পৰা নিৰ্বাচন খেলি দেখুওৱাক"। 

Read More- কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?

অখিল গগৈৰ প্ৰত্যাহ্বানৰ এইবাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক অখিল গগৈক উভতি ধৰি মুখ্যমন্ত্ৰীয়ে ক'লে- শিৱসাগৰত নিৰ্বাচন খেলাৰ পূৰ্বে মই তাত গৈ কাম কৰিব লাগিব। মইটো যোৱা ৫ বছৰত শিৱসাগৰত কোনো কাম কৰা নাই। আকৌ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলি জয়ী হ'লে মই গৈ তাত থাকিব লাগিব। নহ'লে মই ৰাইজক ঠগোৱা হ'ব। কিন্তু মইটো গুৱাহাটীত থাকিম। এতিয়াও মই সমষ্টিতো ভালকৈ চিনি নাপাও, জয়ী হোৱাৰ পাছতো যাব নোৱাৰিম। শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিৰ কেইবাজনো কাৰ্যকৰ্তা আছে। মই তাত গৈ নিৰ্বাচন খেলিলে তেওলোকে কি ভাবিব। মই অখিল গগৈক হৰুৱাবলৈ শিৱসাগৰত নিৰ্বাচন খেলিব নালাগে, আমাৰ বিজেপিৰ ৫-৬ জন কাৰ্যকৰ্তা আছে যিয়ে এইবাৰ অখিল গগৈক হৰুৱাব পাৰিব। তেওলোক যিহেতু আছেই গতিকে মই কিয় খেলিব লাগে? লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- মই নিৰ্বাচন খেলি জয়ী হ'লেও মই যিহেতু গুৱাহাটীতেই থাকিম, বিহু-পূজাতো মই শিৱসাগৰলৈ যাব নোৱাৰিম গতিকে এয়া সমষ্টিবাসীৰ প্ৰতি অন্যায় কৰা হ'ব। আৰু ৰাইজৰ অন্যায় হোৱা কাম বিজেপিয়ে নকৰে। 

Read More- বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!

Advertisment
Advertisment