Advertisment

কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দি দিলীপ শইকীয়াই ক'লে- ৰাইজক পুনৰ বুৰ্বক সজাব খুজিছে অখিল গগৈয়ে।  

 File Photo
File Photo

কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দি দিলীপ শইকীয়াই ক'লে- ৰাইজক পুনৰ বুৰ্বক সজাব খুজিছে অখিল গগৈয়ে।  

Advertisment

Read More- দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে অনা অভিযোগ অনুসৰি সভাপতি দিলীপ শইকীয়াই বিজেপিৰ ভিডিঅ’ কনফাৰেন্সত বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল। তাৰ পাছতেই কিন্তু অখিল গগৈৰ এই অভিযোগ নস্যাত কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। 

Read More- জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা

অখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দি দিলীপ শইকীয়াই ক'লে- ৰাইজক পুনৰ বুৰ্বক সজাব খুজিছে অখিল গগৈয়ে। অভিযোগ সত্য প্ৰমাণ কৰিবলৈ অখিল গগৈৰ সাহস নাই। ৪ জানুৱাৰীৰ ভিডিঅ' কনফাৰেন্সৰ স্ত্ৰীণশ্বট দি আচলতে অখিল গগৈয়ে কি কব বিচাৰিছে সেয়া ঠিক কৰি লওক। 

Read More- কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?

দিলীপ শইকীয়াৰ প্ৰত্যুত্তৰৰ পাছতেই পুনৰ চেলেঞ্জ অখিল গগৈৰ। এইবাৰ চেলেঞ্জ কৰি অখিল গগৈয়ে ক'লে- সাহস আছে যদি মোৰ লগত কামাখ্যা মন্দিৰলৈ বলক। কামাখ্যা মন্দিৰলৈ গৈ দিলীপ শইকীয়াই কওক মোৰ কথা মিছা বুলি। ভিডিঅ’ কনফাৰেন্সত বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ কথা কৈছিল দিলীপ শইকীয়াই। অশোক সিংঘালে অতি গোপনে এই কাম কৰিছে বুলি ভিডিঅ’ কনফাৰেন্সত কৈছে দিলীপ শইকীয়াই।এই কথা মিছা বুলি কামাখ্যা মাৰ ওচৰত শপত খাই ক’ব পাৰিবনে দিলীপ শইকীয়াই? এনেদৰে পুনৰ দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ। 

Read More- 'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?

আনহাতে বিধায়ক অখিল গগৈয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভোটাৰ লিষ্টৰ পৰা সন্দেহজনক লোক আৰু মৃতক লোকৰ নাম কৰ্তন হ'ব। ইয়াত লুকুৱাবলগীয়া একো কথা নাই। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- অখিল গগৈ এজন ভাল ENTERTAINER।
 

Read More- আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- বিজেপিৰ এজেণ্ডাই হৈছে শুদ্ধ ভোটৰ তালিকা। যদি শুদ্ধ ভোটৰ তালিকা প্ৰস্তুত কৰিবই নোৱাৰো তেনেহলে আমি ইমান দিনে কি কৰিলো? বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰা এইবিলাকেই হৈছে আমাৰ এজেণ্ডা। অবৈধ মিঞাৰ নাম যাতে ভোটাৰ তালিকাত নাথাকে এয়া চোৱাটো আমাৰ দায়িত্ব। এইবিলাক কাম কৰিবলৈয়ে আমাক মানুহে ভোট দিছিল।

Advertisment
Advertisment