Advertisment

কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন?

‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ প্ৰ-পত্ৰ মুকলি। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আৱেদন। স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব ১০হাজাৰকৈ টকা। স্নাতকোত্তৰ ছাত্ৰই পাব বছৰি ২০হাজাৰকৈ টকা।

 কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন? Photograph: (DY365)
কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন? Photograph: (DY365)

কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন?

মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ প্ৰ-পত্ৰ মুকলি। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আৱেদন। স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব ১০হাজাৰকৈ টকা। স্নাতকোত্তৰ ছাত্ৰই পাব বছৰি ২০হাজাৰকৈ টকা।

Advertisment

Also Read: কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰাক উচ্চ শিক্ষাত সহায় কৰাৰ লক্ষ্যৰে চৰকাৰে আৰম্ভ কৰিছে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’। এই আঁচনিৰ জৰিয়তে ছাত্ৰসকলৰ মাজত উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে যোগ্য স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰক আবেদন কৰাৰ বাবে আহ্বান জনাইছে। সমৰ্থ প’ৰ্টেলযোগে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে আবেদন কৰিব পাৰিব ছাত্ৰসকলে।

Also Read: কিয় 'চুমা বাবা' নাম পালে অখিল গগৈয়ে?

‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ জৰিয়তে স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব ১০হাজাৰকৈ টকা। স্নাতকোত্তৰ ছাত্ৰই বছৰি লাভ কৰিব ২০হাজাৰকৈ টকা। বছৰি ৪ লাখতকৈ কম উপাৰ্জনকৰা পৰিয়ালৰ ছাত্ৰই লাভ কৰিব এই সুবিধা। বাণীকান্ত কাকতি বঁটা পোৱা শিক্ষাৰ্থীয়ে নাপাব এই আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি পোৱাসকলো বঞ্চিত হ’ব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ ধন লাভৰ পৰা। ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব বাবু আঁচনি। ‘বাবু আঁচনি’ৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীয়ে পাব ধন।

উল্লেখ্য যে, পহিলা জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ কথা। তাৰ পিছতে ৬ জানুৱাৰীত ৰাজ্যৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰাক উচ্চ শিক্ষাত সহায় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি বাবে যোগ্য স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰৰ পৰা আবেদনৰ আহ্বান জনাই চৰকাৰে। 

Advertisment
Advertisment