Advertisment

ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মৌলানা বদৰুদ্দিন আজমল! ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF-এ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ। 

 File Photo
File Photo

ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।


ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মৌলানা বদৰুদ্দিন আজমল! ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF-এ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ। 

Advertisment

Read More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

ৰাজ্যসভালৈ যোৱাৰ মন মেলিছে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। আজি সংবাদমেলযোগে এই ঘোষণা কৰে AIUDF দলে। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই বিৰোধী দলসমূহকো আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে AIUDF দলে। লগতে ৰাহুল গান্ধী, গৌৰৱ গগৈলৈও বিশেষ পত্ৰ AIUDFৰ।

Read More- ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...

লগতে সংবাদমেলত AIUDFৰ নেতাই কয় যে, ৰাজ্যসভাত তিনিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপি মিত্ৰজোঁটে দুখন আসনত জয়ী হ'ব পাৰিব। কিন্তু তৃতীয়খন আসমত জয়ী হ'বলৈ বিজপি  মিত্ৰজোঁটৰ হাতত পৰ্যাপ্ত পৰিমানৰ বিধায়ক নাই। গতিকে আমি ৰাজ্যৰ বিজেপি বিৰোধী দলসমূহ যদি একত্ৰিত হওঁ তেনেহলে আমি ৰাজ্যসভালৈ এজন উপযুক্ত প্ৰাৰ্থী পঠিয়াব পাৰিম। 

Read More- ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

যিহেতু ৰাজ্যসভাৰ প্ৰাৰ্থী নিৰ্বাচনকেই হওক বা ৰাষ্ট্ৰপতি নিৰ্বাচনতেই হওক আমি কংগ্ৰেছ দলক সমৰ্থন কৰি আহিছো সেয়ে এইবাৰ ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে প্ৰাৰ্থী হিচাপে  বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আমি ইতিমধ্যে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছো। 

Read More- কিয় 'চুমা বাবা' নাম পালে অখিল গগৈয়ে?

কংগ্ৰেছলৈ পূনৰ আহ্বান জনাই AIUDF ক'লে- তৃতীয়খন আসনৰ বাবে আমি ঐক্যবদ্ধ হ'লে আমি নিশ্চিতভাৱে জয়ী হম। গতিকে বিগত ১৫টাকৈ বছৰে আমাৰ দলৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে দক্ষতাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ সংসদত দাঙি ধৰিছে। বৰ্তমান যিহেতু তেখেতে সাংসদ হৈ থকা নাই, সেয়ে  বদৰুদ্দিন আজমলৰ দৰে এজন দক্ষ আৰু সাহসী ব্যক্তিক আমি ৰাজ্যসভালৈ নিৰ্বাচন কৰিব পাৰিলে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ সংসদত সজোৰে দাঙি ধৰিব পাৰিব। 

Advertisment
Advertisment