Advertisment

অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

অসমৰ ৰাইজৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। বিজেপিক ভোট নিদিয়া বাবেই খিলঞ্জীয়া মানুহৰো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে চৰকাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে ক'লে- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। 

 File Photo
File Photo

অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। ৰাইজক সজাগ, সচেতন হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

Advertisment

অসমৰ ৰাইজৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। বিজেপিক ভোট নিদিয়া বাবেই খিলঞ্জীয়া মানুহৰো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে চৰকাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে ক'লে- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। 

Read More- ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...

বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। আজি সংবাদমেলযোগে APCCৰ সভাপতি গৌৰৱ গগৈয়ে ক'লে- 'SRৰ নামত ভোট চুৰি কৰিছে অসম বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ বিচৰাসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বিচৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ কংগ্ৰেছ সভাপতিগৰাকীৰ'। গৌৰৱ গগৈৰ মন্তব্য- 'অসমৰ ভোটাৰ তালিকাত বাহিৰৰ মানুহৰ নাম সোমাইছে। উত্তৰ প্ৰদেশ, বিহাৰৰ মানুহৰ নাম অসমৰ ভোটাৰ তালিকাত সোমাইছে বুলি অভিযোগ গৌৰৱ গগৈৰ'। এইক্ষেত্ৰত কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কি স্থিতি গ্ৰহণ কৰিব বুলিও প্ৰশ্ন কংগ্ৰেছ সভাপতিগৰাকীৰ। 

Read More- ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

লগতে গৌৰৱ গগৈয়ে ক'লে-  'অসমবাসী ৰাইজৰ সৈতে চৰকাৰে অন্যায় কৰি আছে বিজেপিয়ে। কাৰণ গুৱাহাটীৰ ভোটাৰ তালিকাত এতিয়া উত্তৰ প্ৰদেশ, বিহাৰৰ ভোটাৰৰ নাম সোমাইছে আনহাতে যিসকল খিলঞ্জীয়া, ভূমিপূত্ৰই বিজেপিক ভোট নিদিয়ে সেইসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে বুলি বিজেপিৰ ভিতৰচৰাত এতিয়া আলোচনা চলিছে। এয়া অসমীয়া জাতিৰ বাবে সংকটৰ সময় কাৰণ এফালে বাহিৰৰ ৰাজ্যৰ ভোটাৰৰ নাম অসমৰ ভোটাৰ তালিকাত সোমাইছে আনফালে খিলঞ্জীয়া, ভূমিপূত্ৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে বুলি বিজেপিয়ে সিদ্ধান্ত লৈছে। কিন্তু এইক্ষেত্ৰত আমি সংবাদমাধ্যমৰ শলাগ লবই লাগিব। কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিক সকলে এইক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। লগতে বিভিন্ন ৰাজনৈতিক দলেও এই বিষয়ৰ তীব্ৰ বিৰোধিতা কৰিছে'।

Read More- কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই!

Advertisment
Advertisment