Assameseৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখঅযোধ্যাৰ ৰাম মন্দিৰ চৌহদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মন্দিৰ কমপ্লেক্সত নামাজ আদায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে গ্ৰেপ্তাৰ হ'ল এজন মুছলমান ব্যক্তি। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কাশ্মীৰৰ আবু আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে। Mrinmoy Talukdar Jan 10, 2026 19:59 ISTFile Photoৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখঅযোধ্যাৰ ৰাম মন্দিৰ চৌহদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মন্দিৰ কমপ্লেক্সত নামাজ আদায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে গ্ৰেপ্তাৰ হ'ল এজন মুছলমান ব্যক্তি। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কাশ্মীৰৰ আবু আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে। AdvertismentRead More- আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰঅযোধ্যাত আৰক্ষী-প্ৰশাসনৰ কঠোৰ নিৰাপত্তাবেষ্টনীৰ মাজতেই ৫৬ বছৰীয়া এজন ব্যক্তিয়ে মন্দিৰ কমপ্লেক্সৰ ভিতৰত নামজ আদায় কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু লগে লগে ব্যক্তিজনক নিৰাপত্তাৰক্ষীয়ে আটক কৰে। ব্যক্তিজনে নামাজ আদায় কৰিবলৈ মাটিত কাপোৰ উলিওৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি তেওঁক আটক কৰে। কিন্তু আচৰিত কথাটো হ'ল নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনক আটক কৰাৰ লগে লগে ব্যক্তিজনে বিভিন্ন ধৰণৰ শ্ল'গান দিছিল৷ Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।এই ঘটনাৰ পাছতেই স্থানীয় আৰক্ষী আৰু চোৰাংচোৱা সংস্থা ঘটনাস্থলীত উপস্থিত হয়। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে আটক কৰা ব্যক্তিজন কাশ্মীৰৰ শ্বোপিয়ানৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷ ৰাম মন্দিৰ কমপ্লেক্সৰ ভিতৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত আবু আহমেদ শ্বেখক তেওঁৰ ভ্ৰমণৰ কাৰণ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে সোধা-পোছা কৰা হৈছে। Read More- আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনাজানিব পৰা মতে আবু আহমেদ শ্বেখে গেট ডি ১ৰ মাজেৰে ৰাম মন্দিৰত প্ৰৱেশ কৰিছিল। কমপ্লেক্সত প্ৰৱেশ কৰিয়েই মূল মন্দিৰৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত অৱস্থিত সীতা ৰসোইত উপস্থিত হৈছিল আবু আহমেদ শ্বেখ। সেই ঠাইতেই নামাজ আদায় কৰিবলৈ চেষ্টা কৰিছিল আবু আহমেদ শ্বেখে।Read More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰঅযোধ্যাৰ এছ এছ পি ডাঃ গৌৰৱ গ্ৰভাৰে কয় এই সন্দৰ্ভত কয় যে, "আমি এজন ব্যক্তিক আটক কৰিছো। তেওঁ ৰাম মন্দিৰ কমপ্লেক্সত নামাজ আদায় কৰিবলৈ চেষ্টা কৰিছিল। আমাৰ নিৰাপত্তাৰক্ষী সজাগ হৈ আছিল আৰু নামাজ আদায়ৰ চেষ্টা কৰাৰ লগে লগে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে অভিযুক্তৰ আধাৰ কাৰ্ড পোৱা গৈছে আৰু তেওঁৰ সমগ্ৰ গতিবিধি চিচিটিভি ফুটেজৰ জৰিয়তে অনুসন্ধান কৰা হৈছে৷Read More- কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰহনুমানগড়ীৰ প্ৰধান পুৰোহিত মহন্ত ৰমেশ দাসে কয় যে ৰাম মন্দিৰ কমপ্লেক্সত মুছলমানসকলক প্ৰৱেশ কৰাত বাধা দিব লাগে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা শীঘ্ৰেই পুৰোহিতজনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।AdvertismentAdvertisment Read the Next Article