Assameseআৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰবিজেপি চৰকাৰে আৰু কিমান অন্যায় কৰিব? লাহে-লাহে গণতন্ত্ৰও শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। 'বিজেপি চৰকাৰ অসমত থাকিলে ভৱিষ্যতে আৰু অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ।Mrinmoy Talukdar Jan 09, 2026 19:54 ISTFile Photoআৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰবিজেপি চৰকাৰে আৰু কিমান অন্যায় কৰিব? লাহে-লাহে গণতন্ত্ৰও শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। 'বিজেপি চৰকাৰ অসমত থাকিলে ভৱিষ্যতে আৰু অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ।AdvertismentRead More- দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰবিজেপি দল আৰু চৰকাৰখনৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰত অভিযোগ অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইৰ। বিজেপি দল আৰু চৰকাৰক সমালোচনা কৰি ৰাজেন গোহাঁয়ে ক'লে- ৰাইজে এতিয়াই সিদ্ধান্ত নল'লে অসমখন গভীৰ অন্ধকাৰত ডুব যাব। মইমতালিৰে লাহে-লাহে গণতন্ত্ৰ শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। আগন্তুক দিনত বিজেপি চৰকাৰ শাসনত খাকিলে অসমত কেনেকুৱা ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই কথা অসমৰ ৰাইজে এতিয়াই উপলব্ধি কৰিব লাগিব। আগন্তুক নিৰ্বাচনত যদি ৰাইজে বিজেপি চৰকাৰখনক শাসনৰ পৰা গাদীচ্যুত নকৰে তেনেহলে অসম গভীৰ অন্ধকাৰত ডুব যাব। Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ। বিগত ৫টা বছৰত বিজেপি চৰকাৰখনে অসমখন থানবান কৰি পেলাইছে। মানুহে কথাবোৰ এতিয়া উপলব্ধি কৰা নাই যদিও অসম এতিয়া ধ্বংসৰ গৰাহত। অসম ৰক্ষা কৰিবলৈ বিজেপি দলে আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ নললে। Read More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰঅসমত মিঞা মিঞা বুলি ৰাইজক ভয় খুৱাই তেওলোকে আকৌ মহাৰাষ্ট্ৰত ওৱেছিৰ দলৰ সৈতেই মিত্ৰতা কৰিছে। গতিকে মিঞাৰ বিৰুদ্ধে কথা কৈ আমাৰ সহজ-সৰল মানুহবোৰক মুখ্যমন্ত্ৰীয়ে বুৰ্বক সজাব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক অসমৰ ৰাইজে কি কাৰণত ভোট দিব এই কথাটো মই বুজি পোৱা নাই। এনেদৰে বিজেপিক দল আৰু চৰকাৰক সমালোচনা কৰিলে অজাপ নেতা ৰাজেন গোহাঁয়ে। AdvertismentAdvertisment Read the Next Article