Assameseদিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। বিৰোধী ঐক্য মঞ্চই ভোট চুৰিৰ অভিযোগেৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ । নিৰ্বাচন আয়োগতো অভিযোগ দাখিল বিৰোধী ঐক্য মঞ্চৰ। Mrinmoy Talukdar Jan 09, 2026 19:27 ISTFile Photoদিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। বিৰোধী ঐক্য মঞ্চই ভোট চুৰিৰ অভিযোগেৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ । নিৰ্বাচন আয়োগতো অভিযোগ দাখিল বিৰোধী ঐক্য মঞ্চৰ। বিজেপিয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ভোটাৰ তালিকাত বিসংগতি সৃষ্টিৰো অভিযোগ। AdvertismentRead More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।দুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ আনি অখিল গগৈয়ে কৈছিল- সভাপতি দিলীপ শইকীয়াই বিজেপিৰ ভিডিঅ’ কনফাৰেন্সত বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছে। তাৰ পাছতেই কিন্তু অখিল গগৈৰ এই অভিযোগ নস্যাত কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। Read More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰঅখিল গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দি দিলীপ শইকীয়াই কৈছিল- ৰাইজক পুনৰ বুৰ্বক সজাব খুজিছে অখিল গগৈয়ে। অভিযোগ সত্য প্ৰমাণ কৰিবলৈ অখিল গগৈৰ সাহস নাই। ৪ জানুৱাৰীৰ ভিডিঅ' কনফাৰেন্সৰ স্ত্ৰীণশ্বট দি আচলতে অখিল গগৈয়ে কি কব বিচাৰিছে সেয়া ঠিক কৰি লওক।কিন্তু দেখিবলৈ পোৱা গৈছে দিলীপ শইকীয়াৰ বিৰুদ্ধে অনা এই অভিযোগ গুৰুত্বসহকাৰে লৈছে কংগ্ৰেছকে ধৰি ৰাজ্যৰ বিজেপি বিৰোধী দলসমূহে। আজি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিৰোধীয়ে। ৰকিবুল হুছেইন, ৰিপুন বৰা, মীৰা বৰঠাকুৰ, লুৰীণজ্যোতি গগৈৰ উপস্থিতিত এজাহাৰ দাখিল কৰি বিৰোধীয়ে বিজেপিয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে ভোটাৰ তালিকাত বিসংগতি সৃষ্টি কৰাৰো অভিযোগ আনিছে। Read More- ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...এজাহাৰ দাখিলৰ পাছতে ৰিপুন বৰাৰ মন্তব্য- 'দিলীপ শইকীয়াৰ ওপৰত আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষীক আহ্বান জনাইছো'। 'নিৰ্বাচন আয়োগে এতিয়াও দিলীপ শইকীয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই'। 'সেইবাবে আমি সকলো বিৰোধী দল আজি একলগ হৈ এজাহাৰ দাখিল কৰিলো'।Read More- কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই!'ভোট চুৰিৰ বাহিৰে বিজেপিৰ হাতত নিৰ্বাচন জয় কৰাৰ অন্য একো উপায় নাই'। 'অসমৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ ঐক্যবদ্ধ হৈছে'। 'দিলীপ শইকীয়াই কৰা বে-আইনী কামৰ বাবে তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে'- এই মন্তব্য AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ।Read More- দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম'বিজেপিৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই, ভোট চুৰিয়েই এক নম্বৰ আহিলা হৈ পৰিছে'। 'বিহাৰত ৰাহুল গান্ধীয়ে কৰা ভোট চুৰিৰ প্ৰমাণৰ দৰে অসমতো প্ৰমাণ হৈ গৈছে'। 'গণতন্ত্ৰক শেষ কৰিবলৈ বিজেপি চৰকাৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে'। 'এনেকুৱা এখন অবৈধ ভোটাৰ তালিকাক লৈ আমি কেতিয়াও নিৰ্বাচন হোৱাটো নিবিচাৰো'- এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ।Read More- স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰকআনহাতে ৰাছেল হুছেইনে ক'লে- 'দিলীপ শইকীয়া সন্দৰ্ভত অখিল গগৈয়ে মিছা কথা কৈছে যদি বিজেপিয়ে প্ৰমাণ কৰক'। 'বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিলেই অখিল গগৈয়ে মিছা কৈছে বুলি প্ৰমাণ হৈ যাব'। 'সৎ সাহস আছে যদি বিজেপিয়ে ৰাজহুৱা কৰক ভিডিঅ', মই প্ৰত্যাহ্বান জনাইছো'।AdvertismentAdvertisment Read the Next Article