Assameseপ্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনাশান্ত হোৱা নাই বাংলাদেশ। অশান্ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা। দিপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন্দ্ৰ বিশ্বাসৰ হত্যাকাণ্ডৰ পাছতে এইবাৰ জয় মহাপাত্ৰ নামৰ হিন্দু যুৱকক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ।Mrinmoy Talukdar Jan 10, 2026 19:56 ISTFile Photoপ্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনাশান্ত হোৱা নাই বাংলাদেশ। অশান্ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা। দিপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন্দ্ৰ বিশ্বাসৰ হত্যাকাণ্ডৰ পাছতে এইবাৰ জয় মহাপাত্ৰ নামৰ হিন্দু যুৱকক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ।AdvertismentRead More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰশ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰাই বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ সুনামগঞ্জ জিলাৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। জয় মহাপাত্ৰ নামৰ এজন হিন্দু যুৱকক প্ৰথমে আক্ৰমণ আৰু তাৰ পাছত বিষাক্ত দ্ৰৱ্য খুৱাই হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ আনিছে পৰিয়ালৰ লোকে।Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।পৰিয়ালৰ অভিযোগ অনুসৰি এজন স্থানীয় লোকে প্ৰথমে জয় মহাপাত্ৰক আক্ৰমণ কৰি আক্ৰমণৰ পাছত বিষাক্ত দ্ৰব্য খুৱাইছিল। তাৰ পাছতেই সংকটজনক অৱস্থাত যুৱকজনক চিলেট ওচমানী মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনে মৃত্যুক আঁকোৱালি লয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতেই এতিয়া এক ক্ষোভৰ পৰিৱেশৰ সৃষ্টি কৰিছেRead More- ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...ইনকিলাব মঞ্চৰ আহ্বায়ক ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত আৰম্ভ হৈছে হিংসাত্মক পৰিস্থিতিৰ। হাদিৰ মৃত্যুৰ পাছৰে পৰাই একাংশ প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিছে সংবাদ মাধ্যমৰ কাৰ্যালয়, গুলীয়াই হত্যা কৰিছে সাংবাদিককো। বাংলাদেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদকাৰীৰ মুখত শুনিবলৈ পোৱা গৈছিল শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান। Read More- আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰউল্লেখ্য যে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা আক্ৰমণে বাংলাদেশৰ হিন্দু সমাজৰ মাজত ভয় আৰু নিৰাপত্তাহীন পৰিৱেশৰ সৃষ্টি কৰিছে৷ এতিয়া প্ৰশ্ন হয়- বাংলাদেশ চৰকাৰে সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সুনিৰ্দিষ্ট কোনো পদক্ষেপ ল’ব নে এই হিংসা অব্যাহত থাকিব?AdvertismentAdvertisment Read the Next Article