Advertisment

অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী

নীলা জাৰ্চিত আকৌ এবাৰ দেখিবলৈ পাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। আজি ২২ গজৰ যুঁজত নামিব দুই তাৰকা। বদোদৰাৰ কোটাম্বিত আজি ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া। অৱশ্যে আঘাতৰ বাবে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল ঋষভ পণ্ট। 

 File Photo
File Photo

অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী


নীলা জাৰ্চিত আকৌ এবাৰ দেখিবলৈ পাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। আজি ২২ গজৰ যুঁজত নামিব দুই তাৰকা। বদোদৰাৰ কোটাম্বিত আজি ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথমখন এদিনীয়া। অৱশ্যে আঘাতৰ বাবে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল ঋষভ পণ্ট। 

Advertisment

Read More- নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি

অপেক্ষাৰ অন্ত পৰিব ক্ৰিকেটপ্ৰেমীৰ। বদোদৰাৰ কোটাম্বিৰ বিচিএ ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আজি প্ৰথমখন এদিনীয়া। দুপৰীয়া ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন। অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিগত শৃংখলাত কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত ক্ৰিকেটপ্ৰেমীৰ পুনৰ এবাৰ দৃষ্টি নিবদ্ধ থাকিব দুই তাৰকা ৰোহিত আৰু বিৰাটৰ ওপৰত। 

Read More- অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন

কিন্তু অনুৰাগীৰ বাবে ডাঙৰ খবৰটো হ'ল উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট। অনুশীলনৰ সময়তে আঘাতপ্ৰাপ্ত হৈ শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল ঋষভ পণ্ট। ঋষভ পণ্টৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে যুৱ উইকেটকাপীৰ বেটাৰ ধ্ৰুৱ জুৰেলক। 

Read More- বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

আনহাতে প্ৰথমখন এদিনীয়াতে ইউনিভাৰ্ছ বছ খ্যাত কেৰিবিয়ান তাৰকা ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰিব পাৰে ৰোহিত শৰ্মাই। অপেনাৰ হিচাপে ক্ৰিছ গেইলৰ নামত আছে সৰ্বাধিক ৩২৮টা ছিক্স। আনহাতে অপেনাৰ হিচাপে এইপৰ্যন্ত ৰেহিত শৰ্মাৰ নামত আছে ৩২৭টা ছিক্স। আজি নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াতে দুটা ছিক্স কোবাই ক্ৰিছ গেইলৰ বিশ্ব অভিলেখ ভংগ কৰিব পাৰে ৰোহিত শৰ্মাই। 

Read More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ

আনহাতে ৰানমেছিন বিৰাট কোহলীৰ হাততো আছে অভিলেখ গঢ়াৰ সুযোগ। এইপৰ্যন্ত বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সংগ্ৰহ কৰিছে ২৭,৯৭৫ ৰান। সম্প্ৰতি ৩৪,৩৫৭ ৰানেৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰৰ তালিকাত শীৰ্ষ স্থানত আছে শচীন তেণ্ডুলকাৰ। ২৮,০১৬ ৰানেৰে দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা। গতিকে কোহলীয়ে আজি ৪২ ৰান সংগ্ৰহ কৰাৰ লগে লগে শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰাক অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰ হিচাপে পৰিগণিত হ’ব।

Read More- IPL নিলামত কোটিপতি আকিব নবি দাৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় দলটো হৈছে - শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (উপ অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদ্বীপ সিং, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।

Advertisment
Advertisment