Advertisment

আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

অগপ-বিজেপিৰ আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট। ৩৫ৰ পৰা ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে। বহু আসনত হ’ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা।

 File Photo
File Photo

আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

অগপ-বিজেপিৰ আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট। ৩৫ৰ পৰা ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে। বহু আসনত হ’ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা।

Advertisment

Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে আসনক লৈ টনা-আজোৰা অগপ-বিজেপিৰ। এইবাৰ নিৰ্বাচনত ৪০খন আসন দাবী কৰিব অগপই। জয়ৰ সম্ভাৱনা থকা সমষ্টি অগপক এৰি দিব লাগিব বিজেপিয়ে। 

Read More- দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰ

জয়ৰ সম্ভাৱনা থকা আসন এইবাৰ অগপক এৰি দিব লাগিব বিজেপিয়ে। আনুষ্ঠানিক আলোচনা এতিয়াও হোৱা নাই যদিও পূৰ্বে জয়ী হোৱা সমষ্টি সমূহত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে অসম গণ পৰিষদে। আসন বুজাবুজিক লৈ এই ডাঙৰ মন্তব্য অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

Advertisment

Read More- ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...

অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আসন বুজাবুজিক লৈ ডাঙৰ মন্তব্য কৰি ক'লে- মাজুলী সমষ্টি এইবাৰ বিজেপিৰ পৰা আমাৰ কাৰ্যকৰ্তাই বিচাৰিছে। কাৰণ মাজুলীৰ পৰা পূৰ্বে তিনিবাৰকৈ অগপৰ বিধায়ক নিৰ্বাচিত হৈছিল। বিজেপিৰ নেতৃত্বৰ লগতে আমি আলোচনাত বহিলে আমি আসনক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। বিজেপিৰ নেতৃত্বয়ো হয়তো ২০২১তকৈ অগপৰ আসন এইবাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কিছু চিন্তা-চৰ্চা কৰিব। 

Read More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

মই আশা কৰিছো অগপৰ নেতৃত্বই আসন বৃদ্ধি কৰাৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব। সমগ্ৰ অসমত আমি এটা সমীক্ষা কৰিছিলো। ইতিমধ্যে সমীক্ষাৰ ৰিপৰ্ট আহি পৰিছে। সমীক্ষাৰ ৰিপৰ্ট মই এতিয়ালৈকে চোৱা নাই যদিও সমীক্ষাত আমাৰ জয়ৰ সম্ভাৱনা থকা যিকেইটা সমষ্টিৰ নাম আহিছে সেই সমষ্টি কেইটা এইবাৰ আমাৰ নেতৃত্বই বিজেপিৰ পৰা বিচাৰিব।

Advertisment
Advertisment
Advertisment