Assameseসাৱধান! Googleত ছাৰ্চ নকৰিব এইবোৰ বিষয়গুগল আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আটাইতকৈ দ্ৰুত আৰু নিৰ্ভৰযোগ্য আহিলা হৈ পৰিছে। কিন্তু এটা সৰু ভুলে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে! Mrinmoy Talukdar Jan 12, 2026 16:43 ISTFile Photoসাৱধান! Googleত ছাৰ্চ নকৰিব এইবোৰ বিষয়আজিৰ ডিজিটেল যুগত ইণ্টাৰনেট আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। বৰ্তনাম প্ৰায়ভাগ মানুহেই প্ৰতিটো প্ৰশ্নৰ উত্তৰ গুগলত সন্ধান কৰে। অৰ্থাত গুগল আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আটাইতকৈ দ্ৰুত আৰু নিৰ্ভৰযোগ্য আহিলা হৈ পৰিছে। কিন্তু এটা সৰু ভুলে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে! AdvertismentRead More- সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰআপুনি হয়তো জানে যে আমাৰ প্ৰতিটো অনলাইন কাৰ্য্যকলাপ নিৰীক্ষণ কৰা হয়? আমাৰ ব্ৰাউজিং ইতিহাস ইণ্টাৰনেট সেৱা প্ৰদানকাৰী (ISPs), চাৰ্চ ইঞ্জিন, আৰু চাইবাৰ সুৰক্ষা সংস্থাসমূহে অনুসৰণ কৰিব পাৰে। গতিকে গুগলত অনুপযুক্ত বা অবৈধ কিবা এটা বিচাৰিলে আপোনাৰ বাবে ব্যয়বহুল প্ৰমাণিত হ’ব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে! Read More- আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনাআমি কি কি বিষয় গুগলত চাৰ্চ কৰিব নালাগে-১/ বোমা কেনেকৈ বনাব পাৰিবোমা, অস্ত্ৰ বা বিস্ফোৰক নিৰ্মাণৰ লগত জড়িত তথ্য বিচাৰি উলিওৱাটো প্ৰায় প্ৰতিখন দেশতে গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়। এনেবাৰ বিষয় তৎক্ষণাত নিৰাপত্তা সংস্থাৰ ৰাডাৰৰ বিষয় হৈ পৰে। ফলস্বৰূপে ইয়াৰ ফলত আপোনাক সোধা-পোছা কৰা হ’ব পাৰে, আৰু যদি দোষী সাব্যস্ত হয় তেন্তে আপুনি গ্ৰেপ্তাৰ আৰু কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।২/ শিশু পৰ্ণগ্ৰাফীই পৃথিৱীৰ অন্যতম গুৰুতৰ আৰু জঘন্য অপৰাধ। ভাৰতত POCSO আইনৰ অধীনত শিশু শোষণৰ সৈতে জড়িত যিকোনো বিষয়বস্তু বিচাৰি উলিওৱা, চোৱা বা শ্বেয়াৰ কৰাটো অপৰাধ। গতিকে দোষী সাব্যস্ত হোৱাসকলে গুৰুতৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।৩/ হেকিং টিউটোৰিয়েল বা হেকিং চফট্ ৱেৰ হেকিং সঁজুলি, চফ্টৱেৰ, বা পদ্ধতি শিক্ষণৰ সৈতে জড়িত অনুসন্ধানসমূহে আপোনাক চাইবাৰ এজেন্সীৰ চোৰাংচোৱাগিৰিৰ অধীনত ৰাখিব পাৰে। অনুমতি অবিহনে ডাটা চিষ্টেমত অনুপ্ৰৱেশ কৰাটো আই টি আইনৰ অধীনত অপৰাধ।৪/ পাইৰেটেড চিনেমা ডাউনলোড (বিনামূলীয়াকৈ চিনেমা কেনেকৈ চাব পাৰি?)পাইৰেটেড কন্টেন্ট ডাউনলোড বা ষ্ট্ৰীম কৰাৰ উপায় বিচাৰি উলিওৱাটো কপিৰাইট আইন উলংঘা কৰা। ভাৰতত ইয়াৰ ফলত তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।AdvertismentAdvertisment Read the Next Article