Advertisment

গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...

গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰ। 

 File Photo
File Photo

গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...

গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰ। 

Advertisment

Read More- WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

ন-কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে কৰা মন্তব্যৰ পাছতেই উজনিত আৰম্ভ হৈছে প্ৰতিবাদ। উজনিৰ ৰাজপথলৈ ওলাই আহিছে কেইবাটাও দল সংগঠন। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰো। ৰেজাউলৰ বিৰুদ্ধে হুংকাৰ দি সংগঠনটোৱে ক'লে- মাঘ বিহুৰ পিছতেই উজনিত চলিব মিঞা খেদা অভিযান। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। উজনিত কোনোপধ্যেই ধুবুৰীৰ দৰে মিঞাৰ আগ্ৰাসন নচলিব।

Read More- শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!

গৌৰৱ গগৈৰ সম্মুখতেই ৰেজাউলে শিৱসাগৰত ধুবুৰী বনাম বুলি ক'লে। কিন্তু গৌৰৱ গগৈয়ে ৰেজাউল কৰিমৰ মন্তব্যৰ এবাৰো বিৰোধ নকৰিলে, বৰঞ্চ সমৰ্থনহে কৰিলে। এই মিঞাসকলে অসমখনক ইছলামিক ৰাষ্ট্ৰ বনাবলৈ কাম কৰি আছে। গতিকে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। গতিকে ৰেজাউলৰ দৰেই  লুৰীণ, অজিত কুমাৰ ভূঞাও জাতিটোৰ বাবে দোষী। 

Read More- সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ

ৰেজাউল কৰিম সৰকাৰৰ এই মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- বাংলাদেশী মূলৰ মানুহেৰে বৰ অসম প্ৰতিষ্ঠা হ'ব নেকি? স্বৰ্গদেও চাওলুং চুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰ অসমখনত বাংলাদেশী মূলৰ লোক নাছিল। শিৱসাগৰৰ এটা নিজস্ব ঐতিহ্য আছে, সংস্কৃতি আছে, পৰম্পৰা আছে। গতিকে শিৱসাগৰৰ দৰে এখন ঠাইত ৰেজাউল কৰিমে কিহৰ বৰ অসম বনাব? 

Read More- 'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁও

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- তিনিচুকীয়া আৰু শিৱসাগৰ ধুবুৰী বনিলে এইখন বৰ অসম হ'ব নে বৰ বাংলাদেশ হ'ব? ৰেজাউল কৰিমে বৰ অসমৰ নামত বৰ বাংলাদেশ বনাব বিচাৰিছে। আৰু এই কথাবোৰ সমৰ্থন কৰিছে গৌৰৱ গগৈয়ে। এইবোৰ কাৰণতে অসমৰ মানুহে গৌৰৱ গগৈক বেয়া পায়। মই আশা কৰিম কংগ্ৰেছৰ বাকী নেতাবোৰে ৰেজাউল কৰিমক গতিয়াই দলৰ পৰা বাহিৰ কৰি দিব।

Advertisment
Advertisment