AssameseWHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদদেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল আমছুৰ সদ্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱাৰ হুংকাৰ দিছিল ৰেজাউলে। ৰেজাউল কৰিমৰ হুংকাৰৰ পিছতে জ্বলিছে উজনি।Mrinmoy Talukdar Jan 12, 2026 16:35 ISTFile PhotoWHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদদেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল আমছুৰ সদ্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱাৰ হুংকাৰ দিছিল ৰেজাউলে। ৰেজাউল কৰিমৰ হুংকাৰৰ পিছতে জ্বলিছে উজনি। প্ৰাক্তন আমছু নেতাজনৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ ভিন্ন দল সংগঠনৰ। AdvertismentRead More- সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি'WHO IS ৰেজাউল কৰিম সৰকাৰ?' শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউল কৰিমক লৈ উত্তপ্ত উজনি অসম। প্ৰাক্তন আমছু নেতাজনৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ দল সংগঠনৰ। Read More- শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!ৰেজাউল কৰিম সৰকাৰৰ হুংকাৰৰ পিছতে প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা ৰেজাউলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া দি শৃংখল চলিহাই ক'লে- 'ৰেজাউল কৰিম সৰকাৰৰ ধমক খাবলৈ খিলঞ্জীয়া জীয়াই থকা নাই। যুঁজ লাগো বুলি যদি কৈছেই, তেন্তে উজনি অসমবাসী বহি নাথাকে। শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ বাবে ক্ষমা খোজক ৰেজাউল কৰিম সৰকাৰে। যদি ৰাজনৈতিক দলৰ সভাত কৈছে তেন্তে ৰাজনৈতিক দলটোৱে ক্ষমা খোজক। ৰেজাউল কৰিমৰ মন্তব্যৰ পাছতেই এইদৰে গৰজি উঠিছে বীৰ লাচিত সেনা। Read More- সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰআনহাতে ৰেজাউল কৰিম সৰকাৰৰ হুংকাৰৰ পিছতে প্ৰতিবাদ জাতীয় সংগ্ৰামী সেনাৰ শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ। 'WHO IS ৰেজাউল কৰিম সৰকাৰ বুলি প্ৰশ্ন কৰি সংগঠনৰ নেতাৰ হুংকাৰ- শিৱসাগৰখন ৰেজাউল কৰিমৰ পৈতৃক সম্পত্তি নহয়। শিৱসাগৰক লৈ কোৱা এইধৰণৰ কথা আমি কেতিয়াও সহ্য নকৰো। এই কথাৰ বাবে যদি গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলে অসমৰ ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেনেহলে আগন্তুক দিনত অসমত ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব।Read More- আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্ টুইষ্টউল্লেখ্য যে এই বিতৰ্ক সন্দৰ্ভত সম্প্ৰতি স্পষ্টীকৰণ দিছে ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰে। শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম বুলি কোৱা মন্তব্য উঠাই লৈ ৰেজাউল কৰিম সৰকাৰে ক'লে- 'মই সমন্বয়ৰ কথা কব বিচাৰিছিলো'। 'কোনোবাই যদি মনত দুখ পাইছে, মই ক্ষমা বিচাৰিছো'। এনেদৰে অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা বিচাৰিলে ৰেজাউল কৰিম সৰকাৰে।AdvertismentAdvertisment Read the Next Article