Advertisment

সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি

‘কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।’ কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ।

 File Photo
File Photo

সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি

‘কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।’ কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ।

Advertisment

Read More- আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

ৰাজীৱ ভৱনত আজি অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিলে আমছুৰ সদ্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত বিজেপি-অগপৰো বহুকেইগৰাকী নেতাই যোগদান কৰিলে কংগ্ৰেছত। 

Read More- দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ

কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ। ‘সন্মুখত আমি বৰ বেয়া দিন দেখিছোঁ। কলীয়া ডাৱৰ আঁতৰাই আমি বৰ অসম গঢ়িব লাগিব। ধৰ্মৰ ৰাজনীতি পাহৰি আমি মানুহ আৰু মানৱতাৰ অসম গঢ়িব বিচাৰিছোঁ। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসমখন আমি ঘূৰাই আনিব লাগিব। সেয়ে জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।

Read More- আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰ

যোগদানৰ পাছতেই বিজেপি চৰকাৰক সমালোচনা কৰি ৰেজাউল কৰিম সৰকাৰে ক'লে- আমি এনেকুৱা এখন অসম গঢ়িম যিখন অসমত কেৱল মাত্ৰ অসমীয়া জাতি থাকিব। যিখন অসমত কোনো ধৰ্ম আৰু জাতি-জনগোষ্ঠীক লৈ ভেদাভেদ নাথাকিব। আৰু এই অসমখন গঢ়াৰ চেষ্টা কৰিছে গৌৰৱ গগৈয়ে। গতিকে অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা, সাম্প্ৰদায়িকতাক ঘীণ কৰা প্ৰতিজন ব্যক্তিয়ে গৌৰৱ গগৈক সমৰ্থন কৰা উচিত। আৰু আমি সমগ্ৰ যুৱ সমাজে এই অসম খনৰ বাবে অপেক্ষা কৰি আছো।

Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

অসমৰ শাসকপক্ষই বৰ্তমান এনেকুৱা এখন পৰিৱেশ গঢ়ি দিছে যাতে আমি এজনে আনজনক ঘীন কৰো। গৌৰৱ গগৈৰ নেতৃত্বত যদি আমি অসমখন থিক কৰিব নোৱাৰো তেনেহলে আহিবলগীয়া প্ৰজন্মই আমাক অভিশাপ দিব। গতিকে শংকৰ-মাধৱ গুৰুজনাই আৰু আজান-ফকিৰে তাহানিতে গঢ়ি থৈ যোৱা অসমখন আমি ঘূৰাই আনিব লাগিব। এয়া কৰিব পাৰিব গৌৰৱ গগৈৰ নেতৃত্বই। অসমৰ মুখ্যমন্ত্ৰীয়ে সচৰাচৰ কয় যে, অসমক আমি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত এখন কৰিম। কিন্তু '২৬ত যদি আমি হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা আঁতৰাব নোৱাৰো তেনেহলে অসম বিশ্বৰ ভিতৰতে আটাইতকৈ পিছপৰা ৰাজ্য হ'ব। গতিকে ভাৰতবৰ্ষৰ বুকুত মূৰ দাঙি থিয় দিব পৰা এখন অসম গঢ়িবলৈ আগন্তুক দিনসমূহত মই ৰেজাউল কৰিম সৰকাৰে গৌৰৱ গগৈৰ সেনাপতি হ’ম।

Advertisment
Advertisment