Advertisment

দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ

উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম।

 File Photo
File Photo

দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ

উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম। মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ।

Advertisment

Read More- প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

সমাগত '২৬ৰ বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ বাবে ককালক টঙালি বান্ধি সাজু হৈছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচনী প্ৰস্তুতিৰ সমানেই নেতাৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণো। 

Read More- আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰ

এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান অখিল গগৈৰ। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ক'লে- দম আছে যদি শিৱসাগৰলৈ আহি মোৰ বিৰুদ্ধে নিৰ্বাচন খেলক। 

Read More- দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰ

মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি বিধায়ক অখিল গগৈয়ে ক'লে- হিমন্ত বিশ্ব শৰ্মাই দাদাগিৰি কৰি থাকে যে- তেখেত বহুত জনপ্ৰিয়, তেখেতক কোনেও হৰুৱাব নোৱাৰে। কিন্তু এইবাৰ মই মুখ্যমন্ত্ৰীক শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। হিমন্ত বিশ্ব শৰ্মাক মই কৈছো, আপুনি শিৱসাগৰলৈ আহি মোৰ বিৰুদ্ধে দুশ কোটি টকা খৰচ কৰক। আৰু মই ১ কোটি টকা খৰচ কৰি নিৰ্বাচন খেলিম। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম। 

Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

লগতে অখিল গগৈয়ে ক'লে- উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিলে মই থিয়ই থিয়ই হৰুৱাই দিম। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই কান্দি কান্দি অসমৰ ৰাজনীতিৰ পৰা বিদায় ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰি পৰা মানুহ অসমত মইয়ে আছো বুলিও মন্তব্য বিধায়কগৰাকীৰ।

Advertisment
Advertisment