Assamese'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁওদেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। 'টোলগেট বন্ধ কৰক, জনতাৰ মূৰত মাধমাৰ দিয়া বিজেপি চৰকাৰ কাম নাই, বিজেপি গ' বেক...' ধ্বনিৰে উত্তাল প্ৰতিবাদ। নতুন কৈ নিৰ্মাণ হোৱা টোলগেটত আজিৰে পৰা সংগ্ৰহ কৰা টোল কৰৰ বিৰোধিতাৰে দল-সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ। Mrinmoy Talukdar Jan 12, 2026 16:39 ISTFile Photo'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁওভোগালীৰ উৰুকাৰ আগদিনাই ৰাজ্যত আৰম্ভ আন এখন টোলগেট। নতুন কৈ নিৰ্মাণ হোৱা দেৰগাঁও ৰঙামাটিৰ টোলগেটত আজিৰে পৰা সংগ্ৰহ টোল কৰ। কিন্তু আৰম্ভণিৰ দিনাই দেৰগাঁৱৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। চালকৰ পৰা টোলগেটৰ কৰ্মচাৰীয়ে লাইচেঞ্চ বিচৰাকলৈ উত্তেজনা। নতুন টোলগেট বন্ধৰ দাবীত আটছাৰ উদ্যোগত উত্তাল প্ৰতিবাদ। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোটায়েম বৃহৎ সংখ্যক আৰক্ষী। আনহাতে সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা টোলগেটৰ কৰ্মচাৰীৰ।AdvertismentRead More- আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্ টুইষ্টদেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। 'টোলগেট বন্ধ কৰক, জনতাৰ মূৰত মাধমাৰ দিয়া বিজেপি চৰকাৰ কাম নাই, বিজেপি গ' বেক...' ধ্বনিৰে উত্তাল প্ৰতিবাদ। নতুন কৈ নিৰ্মাণ হোৱা টোলগেটত আজিৰে পৰা সংগ্ৰহ কৰা টোল কৰৰ বিৰোধিতাৰে দল-সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদ। Read More- ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখচৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটছাৰ হুংকাৰ- ভোগালীৰ প্ৰাকক্ষণত বিজেপি চৰকাৰে লোৱা এই সিদ্ধান্তত আমি গৰিহণা দিছো। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ২০-৩০ কিলমিটাৰৰ ভিতৰতেই টোলগেটত ৩০০ৰ পৰা ৪০০ টকা পৰ্যন্ত ভৰিব লাগে। ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা গাতবোৰ নোহোৱা কৰিবলৈ আমি আন্দোলন কৰিলো, চৰকাৰৰ কেইবাবাৰো স্মাৰত পত্ৰ দিলো। কিন্তু চৰকাৰে আমাৰ প্ৰতিবাদক গুৰুত্ব নিদিলে। গতিকে শীঘ্ৰেই যদি চৰকাৰে এই টোলগেট খন বন্ধৰ সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহলে আগন্তুক দিনত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হম। Read More- দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰইখনৰ পাছত সিখন টোলগেট বহুৱাই ৰাইজক মাধমাৰ শোধাইছে চৰকাৰে। মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে আকৌ এখন নতুন টোলগেটেৰে ৰাইজক হাৰাশাস্তি কৰাটো সহ্য কৰা নহ'ব। প্ৰতিবাদকাৰীৰ এইদৰে হুংকাৰ চৰকাৰলৈ। AdvertismentAdvertisment Read the Next Article