Assameseগতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?ৰেজাউল কৰিম সৰকাৰক গৌৰৱ গগৈয়ে দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ। ৰেজাউল কৰিম সৰকাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।Mrinmoy Talukdar Jan 14, 2026 19:32 ISTFile Photoগতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?Advertismentৰেজাউল কৰিম সৰকাৰক গৌৰৱ গগৈয়ে দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ। ৰেজাউল কৰিম সৰকাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।Read More- WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদঅৱশেষত বহু বিতৰ্কৰ পাছত কংগ্ৰেছ ত্যাগ কৰিলে সংখ্য়ালঘু নেতা ৰেজাউল কৰিম সৰকাৰে। কংগ্ৰেছ দল ত্যাগ কৰিয়েই কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ প্ৰতি মুকলিকৈ ক্ষোভ ব্যক্ত কৰিলে ৰেজাউলে। দল ত্যাগ কৰিয়েই বিশেষকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট আৰু সাংসদক প্ৰদ্যুত্ বৰদলৈক ছদ্মৱেশী কংগ্ৰেছী আখ্যা ৰেজাউলৰ। Read More- গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...ৰেজাউল সৰকাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমাধ্যমৰ সম্মুখত প্ৰতিক্ৰিয়া দি মুখ্যমন্ত্ৰীয়ে ক'লে- ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পূৰ্বেই গৌৰৱ গগৈয়ে ৰেজাউল কৰিম সৰকাৰক দলৰ পৰা বহিস্কাৰ কৰিব লাগিছিল। শিৱসাগৰখনক ধুবুৰী বনাম বুলি কোৱাৰ পাছতেই যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমক দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ।’ লগতে মুখ্য়মন্ত্ৰীয়ে আজিও কংগ্ৰেছত থকা মুখ্যমন্ত্ৰীৰ এজেণ্টৰ কথা দোহাৰিলে। কংগ্ৰেছত থকা মুখ্যমন্ত্ৰীৰ এজেণ্টৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, কংগ্ৰেছত বহু মানুহ আছে যিয়ে মোৰ হৈ কাম কৰি থাকে।Read More- 'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰAdvertismentAdvertisment Read the Next Article