Assamese'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰ সুখকৰ নহ’ল ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক যাত্ৰা। দুদিন ৰাজনীতিৰ সোৱাদ লৈয়েই কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। কংগ্ৰেছত যোগদানৰ পিছতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন। Mrinmoy Talukdar Jan 14, 2026 17:18 ISTFile Photo'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰসুখকৰ নহ’ল ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক যাত্ৰা। দুদিন ৰাজনীতিৰ সোৱাদ লৈয়েই কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। কংগ্ৰেছত যোগদানৰ পিছতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন। অৱশেষত জ্যেষ্ঠ কংগ্ৰেছী নেতাই বিজেপিৰ এজেণ্ট সজোৱাত দুখ প্ৰকাশ কৰি কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিমৰ। AdvertismentRead More- গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...দুদিন পূৰ্বে আমছুৰ কেন্দ্ৰীয় সভাপতিৰ পদ এৰি কংগ্ৰেছত যোগদান কৰিছিল ৰেজাউল কৰিম সৰকাৰে। কংগ্ৰছত যোগদান কৰিয়েই বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন। ‘শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী কৰিম’ জাতীয় মন্তব্যৰে বিতৰ্কৰ সূচনা কৰিছিল ৰেজাউল কৰিমে। ৰেজাউল কৰিমৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিবাদ হৈছিল উজনি অসমত। কেইবাটাও জাতীয় সংগঠনে ৰেজাউল কৰিমক কংগ্ৰেছে দলৰ পৰা বহিস্কাৰ নকৰিলে উজনিত কংগ্ৰেছত বৰ্জন কৰাৰো হুংকাৰ দিছিল। Read More- WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদদল-সংগঠনৰ এই হুংকাৰৰ পাছতেই কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতায়ো সংখ্যালঘু নেতাজনৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছিল। আনহাতে ৰেজাউল কৰিম সৰকাৰক মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিছিল দুই জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত্ বৰদলৈয়ে। AdvertismentRead More- শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত্ বৰদলৈৰ এই মন্তব্য়ৰ পাছতেই APCCৰ সভাপতি গৌৰৱ গগৈলৈ ৰেজাউল কৰিম সৰকাৰৰ পদত্যাগ পত্ৰ। জ্যেষ্ঠ কংগ্ৰেছী নেতাই ৰেজাউলক বিজেপিৰ এজেণ্ট সজোৱাত দুখ প্ৰকাশ কৰি পদত্যাগৰ পিছতে সামাজিক মাধ্যমত বিশেষ পোষ্ট ৰেজাউল কৰিমৰ। সামাজিক মাধ্যমত দেৱব্ৰত শইকীয়া, প্ৰদ্যুত্ বৰদলৈক ছদ্মৱেশী কংগ্ৰেছী আখ্যাদি দেৱব্ৰত শইকীয়াক পোনপটীয়াকৈ বিজেপিৰ এজেণ্ট বুলি উল্লেখ কৰিলে ৰেজাউল কৰিমে। Read More- সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰAdvertismentপদত্যাগৰ পাছতেই সংবাদমেল সম্বোধন কৰি বিস্ফোৰণ ৰেজাউল কৰিম চৰকাৰৰ। মুখ্য়মন্ত্ৰীকো সমালোচনা কৰি ৰেজাউল কৰিম চৰকাৰৰ প্ৰশ্ন- 'মই কেতিয়াবা মিঞালেণ্ডৰ কথা কৈছো নেকি? মুখ্যমন্ত্ৰীয়ে নিকৃষ্ঠ ৰাজনীতিৰ জৰিয়তে উজনি নামনি কৰি অসমখন ভাগ কৰিব বিচাৰিছে'। Read More- 'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁওলগতে দেৱব্ৰত শইকীয়াই উভতি ধৰি ৰেজাউলৰ প্ৰশ্ন- 'দেৱব্ৰত শইকীয়াই যদি জানেই মই বিজেপিৰ এজেণ্ট, তেনেহলে মোক যোগদান কৰিবলৈ কিয় বাধা নিদিলে। ক্ষোভ ব্যক্ত কৰি ৰেজাউলে ক'লে- মই কাৰো গুলাম নহয়। মই মেৰুদণ্ড পোন কৰি থকা জাতিৰ পৰা আহিছো। গতিকে মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি ৰাজনীতি নকৰো। কাৰণ মোৰ জাতি আৰু মোৰ স্বাভিমান ৰাজনীতিৰ উৰ্দ্ধত'। Read More AdvertismentAdvertisment Read the Next Article