Advertisment

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ ডাঙৰ ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলক স্পষ্টকৈ বাৰ্তা দি গৌৰৱ গগৈয়ে ক'লে- 'কংগ্ৰেছ-AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে।

 File Photo
File Photo

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ। মিত্ৰতাক লৈ ডাঙৰ ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলক স্পষ্টকৈ বাৰ্তা দি গৌৰৱ গগৈয়ে ক'লে- 'কংগ্ৰেছ-AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে'। 

Advertisment

Read More- কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক

'২৬ৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে। পিছ পৰি ৰোৱা নাই AIUDF দলো। নিৰ্বাচনী ৰণশিঙা বজাই AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্য- গৌৰৱ গগৈয়ে বিচাৰিলে ১০০ শতাংশই মিত্ৰতাৰ বাবে সাজু AIUDF। 

Read More-ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ?

বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পাছতেই আজমলক স্পষ্ট বাৰ্তা প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে ক'লে- 'কংগ্ৰেছ-AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে। যিমান হেঁচা দিলেও AIUDFৰ মিত্ৰতাৰ দাবী মানি নলয় কংগ্ৰেছে'। 

Read More- সাৱধান! Googleত  ছাৰ্চ নকৰিব এইবোৰ বিষয়

লগতে গৌৰৱ গগৈয়ে কয় যে, 'কংগ্ৰেছে কেতিয়াও AIUDF ৰ লগত মিত্ৰতা নকৰে আৰু AIUDF দলেও কংগ্ৰেছক মিত্ৰতা কৰিবলৈ বাধ্য কৰিব নোৱাৰে। যদি আজমলে ভাবিছে মিত্ৰতা হ'ব তেনেহলে ভুল ভাবিছে, এয়া আজমলৰ ভূল ধাৰণা। আনহাতে বিৰোধী ঐক্যৰে আসন বুজাবুজি সন্দৰ্ভত APCCৰ সভাপতি গৰাকীয়ে কয় যে, বিৰোধী ঐক্যক কিমানখন আসন দিয়া হ'ব এই সন্দৰ্ভত গৌৰৱ গগৈয়ে ক'লে- বিৰোধী ঐক্যৰ হৈ কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব সেয়া স্ক্ৰীনিং সমিতিয়ে সিদ্ধান্ত ল'ব। স্ক্ৰীনিং সমিতিৰ সিদ্ধান্ত মৰ্মেহে প্ৰাৰ্থী বাছনি কৰা হ'ব'।

Read More- WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

Advertisment
Advertisment